বিশ্ব পৰিৱেশ দিৱস
পৰিৱেশ আছে বাবেই আমি অস্তিত্ব লাভ কৰিছো আৰু যদি পৰিৱেশ নিৰাপদ নহয় তেন্তে আমি শান্তিৰে উশাহ ল’ব নোৱাৰিম । পৰিৱেশৰ গুৰুত্বৰ বিষয়ে সকলোকে সচেতন কৰিবলৈ প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় । এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে মানুহক পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব বুজোৱা আৰু পৰিৱেশ সুৰক্ষাৰ বিষয়ে সজাগ কৰা । চৰকাৰসমূহে যিমানেই প্ৰচেষ্টা নকৰক কিয়, যদি মানুহে নিজৰ পৰ্যায়ত পৰিৱেশ ৰক্ষাৰ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে পৰিৱেশ সুৰক্ষা সম্ভৱ নহ’ব ।
চৰকাৰে জাবৰ আঁতৰাবহে পাৰে কিন্তু যেতিয়ালৈকে জাবৰ পেলোৱাটো মানুহে বন্ধ নকৰে তেতিয়ালৈকে জাবৰ গোট খাই থাকিব । পানীৰ ব্যৱহাৰ, বিদ্যুতৰ অত্যধিক ব্যৱহাৰ, প্লাষ্টিক ব্যৱহাৰ, গছ কটা আৰু প্ৰদূষণে পৰিৱেশৰ ক্ষতিসাধন কৰে । এনে পৰিস্থিতিত শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব জনাটো জৰুৰী যাতে পৃথিৱীখন পৰিষ্কাৰ আৰু সুৰক্ষিত কৰি ৰাখিব পাৰি ।
বিশ্ব পৰিৱেশ দিৱস ২০২৫ৰ বিষয়বস্তু-
চলিত বৰ্ষৰ বিশ্ব পৰিবেশ দিৱসৰ বিষয়বস্তু হৈছে ‘প্লাষ্টিক প্ৰদূষণ নিৰ্মূল’ । পৰিৱেশৰ বাবে প্লাষ্টিক অন্যতম বিপদজনক বস্তু । বৰ্তমান সময়ত ঘৰত বা বাহিৰত প্লাষ্টিক ব্যৱহাৰ নকৰা ব্যক্তি প্ৰায়েই নাই । প্লাষ্টিক এনেকুৱা এটা পদাৰ্থ যিটো বছৰ বছৰ ধৰি ধ্বংস নহয়, যাৰ বাবে ই পৰিৱেশৰ যথেষ্ট ক্ষতি কৰে । মাটিত থাকিলে পৃথিৱীয়ে পানী শোষণ কৰিব নোৱাৰে আৰু সাগৰত পেলাই দিলে জলজ প্ৰাণীৰ প্ৰতি ভাবুকি হৈ পৰে । এনে পৰিস্থিতিত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰি প্লাষ্টিক প্ৰদূষণ ৰোধৰ বাবে এইবাৰৰ বিষয়বস্তু বাছি লোৱা হৈছে ।
বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাস-
বিশ্ব পৰিৱেশ দিৱস উদযাপন ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী (UNEP)ৰ উদ্যোগত হয় । ১৯৭২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৫ জুনক বিশ্ব পৰিবেশ দিৱস হিচাপে ঘোষণা কৰে । মানৱ পৰিৱেশ সম্পৰ্কীয় ষ্টকহ’ম সন্মিলনৰ মুকলি দিনটোত এই ঘোষণা কৰা হৈছিল । ১৯৭৩ চনত একেবাৰে পিছৰ বছৰতে প্ৰথম বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় । তেতিয়াৰ পৰা প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে । এই দিনটোত বিদ্যালয়, মহাবিদ্যালয়, শিক্ষানুষ্ঠান আৰু পৰিৱেশ সংগঠনে স্বচ্ছতা অভিযান চলায়, গছপুলি ৰোপণ কৰে, প্ৰতিযোগিতাৰ আয়োজন কৰে আৰু পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব সকলোকে বুজায় ।
পৰিৱেশ কেনেকৈ সুৰক্ষিত কৰিব-
-আপুনি নিজাবীয়াকৈ কিছুমান অভ্যাস গ্ৰহণ কৰি পৰিৱেশ সুৰক্ষাত অৰিহণা যোগাব পাৰে । একক ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ নকৰিব ।
-ঘৰৰ চোতাল বা বেলকনিত গছ ৰোপণ কৰক ।
-ব্যৱহাৰ কৰা পানী পেলাই দিয়াৰ পৰিৱৰ্তে বাথৰুম চাফা কৰিবলৈ বা গছ-গছনিৰ ওপৰত ঢালিবলৈ ব্যৱহাৰ কৰক ।
-প্ৰয়োজনতকৈ বেছি কাপোৰ কিনিব নালাগে আৰু কাপোৰ জাবৰত পেলোৱাৰ পৰিৱৰ্তে আৰ্তজনক পিন্ধিবলৈ দিয়ক ।
-প্লাষ্টিকৰ বেগৰ সলনি পাটৰ বেগ বা কাগজৰ বেগ ব্যৱহাৰ কৰক।
-প্ৰয়োজন নহ’লে বৈদ্যুতিক সঁজুলিবোৰ বন্ধ কৰি ৰাখক ।
– য’তে-ত’তে জাবৰ নেপেলাব, কেৱল ডাষ্টবিনতহে পেলাব ।
লগতে পঢ়ক : লকআপত পাব সুস্বাদু খাদ্য ; চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ১৪০ বছৰ পুৰণি এইখন আৰক্ষী থানা