‘বিস্ময়’ৰ জন্মদাতা শশী ফুকনৰ দেহাৱসান । দীৰ্ঘদিনে GMCHত চিকিৎসাধীন হৈ আছিল শশী ফুকন। ১৯৬৮ চনত গুৱাহাটীত এটা ভাড়াঘৰ লৈ তাৰ পৰাই পৰিকল্পনা কৰিছিল আলোচনীখনৰ। ১৯৬৯ চনৰ জানুৱাৰীত বিস্ময়ৰ প্ৰথমটো সংখ্যা প্ৰকাশ পাইছিল। ৭৮ বছৰ বয়সত GMCH ত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিক গৰাকীয়ে। বিস্ময়ৰ প্ৰকাশক তথা সম্পাদক আছিল শশী ফুকন।
