দেওবাৰে দেশত ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যাই এদিনতে পাঁচ লাখৰ সীমা অতিক্ৰম কৰিলে । ভাৰতত এদিনত পাঁচ লাখ বা তাতকৈ অধিক লোকে ঘৰুৱা বিমানেৰে যাত্ৰা কৰিছে । ইয়াৰ দ্বাৰা উৎসৱ আৰু বিবাহ উদযাপনৰ মাজত ভ্ৰমণৰ প্ৰবল চাহিদা প্ৰতিফলিত হৈছে ।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ১৭ নৱেম্বৰ দেওবাৰে বিমান কোম্পানীসমূহে ৩১৭৩খন বিমান চলাইছিল আৰু এই বিমানসমূহত ৫,০৫,৪১২ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিছিল । ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যাই এদিনতে পাঁচ লাখৰ সীমা অতিক্ৰম কৰা এয়াই প্ৰথম ।
উৎসৱমুখৰ চাহিদা আৰু বিবাহ ইয়াৰ প্ৰধান কাৰণ-
ট্ৰেভেল প্লেটফৰ্ম ক্লিয়াৰট্ৰিপৰ উপ-সভাপতি (এয়াৰ কেটেগৰী) গৌৰৱ পটৱাৰীয়ে কয় যে, “যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ মূল কাৰণ হৈছে উৎসৱমুখৰ চাহিদা আৰু বিয়াৰ আৰম্ভণি । আমি আশা কৰিছো যে শীতকালতো চাহিদা শক্তিশালী হৈ থাকিব ।”
কিন্তু শেহতীয়াকৈ বিভিন্ন কাৰণত বিমান সংস্থাসমূহৰ অন টাইম ডেলিভাৰী ৰেকৰ্ডত প্ৰভাৱ পৰিছে । দেওবাৰে ইণ্ডিগোৰ অ’টিপি ৭৪.২ শতাংশ । ইয়াৰ পিছত এলায়েন্স এয়াৰৰ ৭১ শতাংশ আৰু আকাছা এয়াৰৰ ৬৭.৬ শতাংশ আছিল ।
প্ৰতি সপ্তাহত ২৫ হাজাৰ বিমান সেৱা-
আন আন বিমান সংস্থাসমূহৰ ভিতৰত স্পাইচজেট আৰু এয়াৰ ইণ্ডিয়াৰ অ’টিপি ক্ৰমে ৬৬.১ শতাংশ আৰু ৫৭.১ শতাংশ । অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে অক্টোবৰ মাহত জনাইছিল যে ২৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা শীতকালত ভাৰতীয় বিমান সংস্থাই ১২৪টা বিমানবন্দৰৰ পৰা প্ৰতি সপ্তাহত ২৫,০০৭খন বিমান চলাচল কৰিব । ২০২৪ চনৰ ২৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই শীতকালীন কাৰ্যসূচী ২০২৫ চনৰ ২৯ মাৰ্চলৈকে চলিব ।