শনিবাৰে ৰাছিয়াই স্বীকাৰ কৰে যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণ বিফল কৰাৰ বাবে চলাই থকা প্ৰয়াসত আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখন ভূপতিত কৰিছিল । ক্ৰেমলিনে কয় যে বিমানখনে ৰাছিয়াৰ গ্ৰ’জনি বিমানবন্দৰত অৱতৰণ কৰাৰ চেষ্টা চলাইছিল যেতিয়া ইউক্ৰেইনৰ ড্ৰোনে ৰাছিয়াৰ কেইবাটাও অঞ্চলত আক্ৰমণ চলাইছিল । এই দুৰ্ঘটনাৰ বাবে ক্ষমা বিচাৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ।
বিমান দুৰ্ঘটনাত ৩৮ জন লোকৰ মৃত্যু-
বুধবাৰে নিশা প্ৰায় ১২.৩০ বজাত কাজাখাস্তানৰ আকটৌত দুৰ্ঘটনাগ্ৰস্ত হয় আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখন । ইয়াৰ ফলত ৩৮ জন লোকে প্ৰাণ হেৰুৱাই । বিমানখনত ৫জন ক্ৰু মেম্বাৰসহ ৬২জন লোক আছিল । যাত্ৰীসকল আজাৰবাইজান, ৰাছিয়া, কাজাখস্তান আৰু কিৰ্গিস্তানৰ নাগৰিক । আজাৰবাইজানৰ ৰাজধানী বাকুৰ পৰা উৰা মাৰি ৰাছিয়াৰ দক্ষিণ অঞ্চলৰ গ্ৰ’জনিলৈ গৈ আছিল বিমানখন । কিন্তু কাজাখাস্তানৰ আকটৌ চহৰৰ সমীপত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । ক্ৰেমলিনে স্বীকাৰ কৰিছে যে ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ ধাৰাবাহিকতা বিফল কৰাৰ চেষ্টা কৰিছিল, একে সময়তে বিমানখনে ৰাছিয়াৰ গ্ৰ’জনিত অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল ।
ৰাছিয়াৰ এয়াৰ ডিফেন্স চিষ্টেমে আঘাত কৰে বিমানখন-
ক্ৰেমলিনৰ বিবৃতিত কোৱা হৈছে যে আজাৰবাইজানৰ যাত্ৰীবাহী বিমানখন নিৰ্ধাৰিত যাত্ৰাত আছিল আৰু বাৰে বাৰে গ্ৰ’জনি বিমানবন্দৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল । ইফালে ইউক্ৰেইনৰ ড্ৰোনে গ্ৰ’জনি, মজডক আৰু ভ্লাদিকাভকাজক আক্ৰমণ কৰিছিল আৰু ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই এই আক্ৰমণ বিফল কৰিছিল ।
ক্ষমা বিচাৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে-
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে আজি আজাৰবাইজানৰ ৰাষ্ট্ৰপতি ইলহাম আলিয়েভলৈ এখন পত্ৰ প্ৰেৰণ কৰি দুৰ্ঘটনাটোৰ বাবে ক্ষমা বিচাৰিছে । ক্ৰেমলিনৰ বিবৃতি অনুসৰি ৰাষ্ট্ৰপতি পুটিনে এই দুৰ্ভাগ্যজনক ঘটনাৰ বাবে ক্ষমা বিচাৰি শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে । ক্ৰেমলিনৰ সূত্ৰই জনোৱা মতে, পুটিনে আলিয়েভৰ সৈতেও ফোনযোগে কথা পাতে আৰু এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে । এই দুৰ্ঘটনাক লৈ ক্ৰেমলিনে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।