২০২৪ চনৰ ১৪ অক্টোবৰ, মুম্বাইৰ পৰা নিউয়ৰ্কলৈ বিমান আছিল । এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৭৭ বিমানখন মুম্বাইৰ পৰা উৰা মাৰে । বিমানখন জে এফ কে বিমানবন্দৰলৈ যোৱাৰ কথা আছিল । এই বিমানখনত ১৩০ টন ইন্ধন আছিল । অৰ্থাৎ ১.৩০ লাখ কিলোগ্ৰাম । কিন্তু উৰণৰ কেইমিনিটমান পিছত, বিমানখন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহে ।
ফ্লাইট নম্বৰ এ আই ১১৯ বিমানখনে ভাবুকি পোৱাৰ লগে লগে ক্ৰুৱে পোনেপোনে ককপিটত পাইলটৰ সৈতে কথা পাতে । এই সময়ত এক জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হয় । লগে লগে বিমানখন দিল্লীৰ ফালে ঘূৰোৱা হয় । যাতে অৱতৰণ সোনকালে কৰিব পাৰে । বিমানখনে ৩.৪০ লাখৰ পৰা ৩.৫০ লাখ কিলোগ্ৰাম ওজনৰ যাত্ৰী, সামগ্ৰী আৰু কাৰ্গো কঢ়িয়াই নিছিল ।
বিমানখনৰ অৱতৰণৰ ক্ষমতা আছিল ২.৫০ লাখ কিলোগ্ৰাম । অৰ্থাৎ প্ৰায় এক লাখ কিলোগ্ৰামৰ অধিক ওজন । এনে পৰিস্থিতিত বিমানখন লঘু অথবা পাতল কৰাটো প্ৰয়োজনীয় হৈ পৰিছিল । ইয়াৰ পিছতে এনে এটা কাম কৰা হৈছিল, যিয়ে আপোনাক ভয় খুৱাব লগতে আচৰিতো কৰিব । এই কামটোত বিমানৰ ব্যয়বহুল ইন্ধন পেলাই দিয়া হ’ল ।
অৱতৰণৰ সময়ত ওজন কমোৱাটো গুৰুত্বপূৰ্ণ-
বিমান পৰিবহণৰ জগতখনত নিৰাপত্তাটোৱেই আটাইতকৈ ডাঙৰ বস্তু । যদি জৰুৰীকালীন অৱস্থা হয় তেন্তে ইমান ডাঙৰ বিমানে ইন্ধন ডাম্প কৰে অৰ্থাৎ বতাহত ইন্ধন পেলাই দিয়ে । কাৰণ বিমানৰ ওজন এটা নিৰ্দিষ্ট সীমালৈকেহে তুলিব পৰা ক্ষমতা থাকে । লেণ্ডিং ওজন কম হ’ব লাগে, আনহাতে টেক অফৰ ওজন বেছি হ’ব লাগে । যদি ডাঙৰ বিমান অৱতৰণৰ সময়ত বেছি গধুৰ হয় তেন্তে বিপদত পৰিব পাৰে ।
তিনিটা হাতীৰ ওজনৰ সমান ইন্ধন-
এনে ডাঙৰ বিমানত প্ৰায় ৫০০০ গেলন ইন্ধন ৰখা হয় । অৰ্থাৎ তিনিটা হাতীৰ ওজনৰ সমান । উৰণৰ ঠিক পিছতেই যদি জৰুৰীকালীন অৱতৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে পাইলটে তৎক্ষণাত বিমানখনৰ ওজন কমাই দিব লাগে । সেয়েহে ইন্ধন পেলোৱা হয় । যাক বিমান পৰিবহণৰ ভাষাত ফিউৱেল জেটিচন বুলি কোৱা হয় ।
ইন্ধন বতাহত পেলোৱাৰ লগে লগে বাষ্পীভৱন হয়-
বিমানখনৰ ডেউকাত থকা অতিৰিক্ত ইন্ধন আঁতৰাই পেলোৱা হয়, যাতে ই বতাহত নাইকীয়া হৈ যায় । আজিৰ আধুনিক বিমানত এনে প্ৰযুক্তি আছে যে প্ৰতি চেকেণ্ডত লাখ লাখ লিটাৰ ইন্ধন পেলাব পাৰে । এই ব্যৱস্থাসমূহ ডেউকাত স্থাপন কৰা হয় । তাৰ পৰা নজেল আৰু ভালভৰ জৰিয়তে আকাশলৈ এৰি দিয়া হয় ।