বিবাহপাশত আবদ্ধ হ’ল ভাৰতৰ তাৰকা শ্বাটলাৰ পিভি সিন্ধু । দেওবাৰে উদয়পুৰত তেওঁৰ বাগদত্তা ভেংকট দত্ত ছাইৰ সৈতে বিবাহপাশত আবদ্ধ হয় । পৰম্পৰাগত বিয়াৰ সাজ-পোছাকত দুয়োকে আকৰ্যণীয় দেখা গৈছিল । পৰিয়াল আৰু ঘনিষ্ঠ লোকৰ সান্নিধ্যত বিবাহপাশত আৱদ্ধ হয় দুয়োজন ।
ইফালে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে শ্বেয়াৰ কৰিছে সিন্ধুৰ বিয়াৰ ফটো । তেওঁ লিখিছে- দেওবাৰে সন্ধিয়া উদয়পুৰত ভেংকট দত্ত ছাইৰ সৈতে আমাৰ বেডমিণ্টন চেম্পিয়ন অলিম্পিয়ান পি ভি সিন্ধুৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি সুখী হলো । দম্পতীহালক নতুন জীৱনৰ বাবে শুভেচ্ছা আৰু আশীৰ্বাদ কামনা কৰিলোঁ ।
ভেংকট দত্ত ছাই কোন ?
শনিবাৰে সিন্ধু আৰু ভেংকটৰ বাগদান সম্পন্ন হয় । ভেংকট হায়দৰাবাদৰ বাসিন্দা । তেওঁ প’চিডেক্স টেকন’লজিৰ কাৰ্যবাহী সঞ্চালক । ভেংকটে ফাউণ্ডেশ্যন অৱ লিবাৰেল এণ্ড মেনেজমেণ্ট এডুকেচনৰ পৰা লিবাৰেল আৰ্টছ এণ্ড চাইন্সেছ/লিবাৰেল ষ্টাডিজত ডিপ্লমা লাভ কৰিছে । ২০১৮ চনত ফ্লেম ইউনিভাৰ্চিটিৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচনত বি বি এ একাউণ্টিং এণ্ড ফাইনেন্স সম্পূৰ্ণ কৰাৰ পিছত বেংগালুৰুৰ আন্তঃৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা ডাটা চাইন্স এণ্ড মেচিন লাৰ্নিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।
২৪ ডিচেম্বৰত হায়দৰাবাদত এই দম্পতীহালে আয়োজন কৰিব ৰিচেপচন পাৰ্টি । ২০ ডিচেম্বৰৰ পৰা সংগীতৰ জৰিয়তে আৰম্ভ হৈছিল সিন্ধুৰ বিবাহ অনুষ্ঠান । বিয়াৰ কথা কওঁতে সিন্ধুৰ পিতৃয়ে কয় যে দুয়োটা পৰিয়ালে ভালদৰে চিনি পাইছিল যদিও এমাহৰ ভিতৰতে বিয়াৰ পৰিকল্পনা কৰা হৈছিল । অহা বছৰৰ পৰা সিন্ধু প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ ব্যস্ততা থকাৰ বাবেই ২৩ ডিচেম্বৰৰ তাৰিখ বাছি লৈছিল তেওঁলোকে ।