মঙলবাৰে (১৯ নৱেম্বৰ) টেনিছ অনুৰাগীৰ বাবে এক হতাশাজনক খবৰ ওলাইছে । ২২ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ৰাফেল নাডালে নিজৰ কেৰিয়াৰৰ শেষৰখন মেচ খেলিছিল, য’ত তেওঁ পৰাস্ত হয় । ইয়াৰ লগে লগে তেওঁৰ কেৰিয়াৰো সমাপ্ত হয় । এই মেচখনত নাডাল ষ্ট্ৰেইট ছেটত ৬-৪, ৬-৪ ব্যৱধানত পৰাস্ত হয় ।
উল্লেখ্য যে অক্টোবৰ মাহত নাডালে অৱসৰৰ কথা ঘোষণা কৰিছিল । ডেভিছ কাপত এইখনেই তেওঁৰ শেষ মেচ হ’ব বুলি তেওঁ কৈছিল । সেই অনুসৰি মঙলবাৰে খেলপথাৰত প্ৰৱেশ কৰিছিল তেওঁ । একক শাখাত নাডালে মুখামুখি হয় ৮০ নং ৰেংকিঙৰ বটিক ভান ডি জাণ্ডশ্বুলপৰ ।
The 🇪🇸 national anthem sets the emotional tone for tonight in Malaga 🥺 pic.twitter.com/MbpfxmJXRV
— US Open Tennis (@usopen) November 19, 2024
এই মেচখনত বটিকে আৰম্ভণিৰে পৰাই নাডালৰ বিৰুদ্ধে কঠোৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল । প্ৰথম ছেটত তেওঁ নাডালক ৬-৪ৰ ব্যৱধানত পৰাস্ত কৰে । দ্বিতীয় ছেটতো বটিকে ৫-৪ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল যদিও নাডালে প্ৰত্যাৱৰ্তনেৰে ৪-৩ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল । কিন্তু এই চেটটোও তেওঁ জিকিব নোৱাৰিলে । দ্বিতীয় ছেটটোত ৬-৪ ব্যৱধানত জয়লাভ কৰি বটিকে মেচখনত জয়লাভ কৰে ।
ৰাষ্ট্ৰীয় সংগীতৰ সময়ত আৱেগিক হৈ পৰিল নাডাল-
ডেভিছ কাপত শেষৰখন মেচ খেলাৰ পূৰ্বে নাডালক আৱেগিক যেন লাগিছিল । ৰাষ্ট্ৰীয় সংগীতৰ সময়ত আৱেগিক হৈ পৰে নাডাল । চকুৰ পৰা চকুলো ওলাই আহে তেওঁৰ । অৱশ্যে অন্তিমখন মেচত জয়ী হৈ অনুৰাগীক সুখ দিব নোৱাৰিলে নাডালে । পৰাজয়ৰ পিছত তেওঁৰ অনুৰাগীসকল দুগুণ হতাশ হয় ।
মাত্ৰ ৪ বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছিল ফেডাৰেৰে-
চাৰি বছৰ পূৰ্বে ছুইজাৰলেণ্ডৰ মহান টেনিছ খেলুৱৈ ৰজাৰ ফেডাৰেৰে অৱসৰ গ্ৰহণ কৰিছিল । এতিয়া নাডালেও খেলৰ পৰা বিদায় লৈছে । ফেডাৰেৰে ২০টা গ্ৰেণ্ড শ্লেম খিতাপ লাভ কৰিছিল । এই তালিকাত দ্বিতীয় স্থানত আছে নাডাল ।
সৰ্বাধিক গ্ৰেণ্ড শ্লেম জয় কৰা পুৰুষ খেলুৱৈ-
২৪ – নভাক জ’কভিচ
২২ – ৰাফেল নাডাল
২০ – ৰজাৰ ফেডাৰেৰ
১৪ – পিট চাম্প্ৰাছ
১২ – ৰয় ইমাৰচন
নাডালে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে এই ঘোষণা কৰিছিল-
নাডালে সামাজিক মাধ্যমৰ জৰিয়তে অৱসৰ ঘোষণা কৰিছিল । তেওঁ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল । ইয়াত, তেওঁৰ শেহতীয়া সংগ্ৰাম আৰু খেলখনে তেওঁৰ শৰীৰত কি শাৰীৰিক প্ৰভাৱ পেলাইছে তাৰ বিষয়ে কৈছিল ।
নাডালে কৈছিল, ‘মই অতিশয় উৎসাহিত যে মোৰ শেষ প্ৰতিযোগিতাখন হ’ব ডেভিছ কাপৰ ফাইনেল, য’ত মই দেশক প্ৰতিনিধিত্ব কৰিম। মোৰ বিশ্বাস যে এজন পেছাদাৰী টেনিছ খেলুৱৈ হিচাপে মোৰ প্ৰথম জয়ৰ আনন্দৰ পিছত এতিয়া মই সম্পূৰ্ণ চক্ৰৰ শেষ পৰ্যায়লৈ আহিছো। ২০০৪ চনত ডেভিছ কাপৰ ফাইনেল অনুষ্ঠিত হৈছিল। মই নিজকে ছুপাৰ ছুপাৰ লাকী বুলি গণ্য কৰোঁ যে মই ইমানখিনি অভিজ্ঞতা লাভ কৰিছো ।