মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ যুঁজাৰু বিমান । এই দুৰ্ঘটনাত দুয়োজন পাইলট আহত হোৱা বুলি জানিব পৰা গৈছে । পথাৰত দুৰ্ঘটনাগ্ৰস্ত বিমানখন ভূপতিত হোৱাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয় । ঘটনাৰ পিছতে সেই স্থানত উপস্থিত হয় বৃহৎ সংখ্যক গাঁওবাসী । ঘটনাস্থলীত বায়ুসেনাৰ এখন হেলিকপ্টাৰ উপস্থিত হৈ দুয়োজন পাইলটৰ সৈতে গোৱালিয়ৰ অভিমুখে ৰাওনা হয় ।
খবৰ অনুসৰি, বৃহস্পতিবাৰে বিয়লি নৰৱাৰ তহচিলৰ দবৰাছানী গাঁৱত কৃষকৰ পথাৰত দুৰ্ঘটনাগ্ৰস্ত হয় এখন সেনাৰ যুঁজাৰু বিমান । দুৰ্ঘটনাৰ পিছতে বিমানখন জ্বলি ছাই হৈ পৰে । অৱশ্যে বিমানখনত থকা দুয়োজন পাইলট সম্পূৰ্ণ সুৰক্ষিত হৈ আছে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকল উপস্থিত হয় । বিমান দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।
উল্লেখ্য যে বাহৰেটা ছানি গাঁৱৰ সমীপত বায়ুসেনাৰ এখন যুদ্ধ বিমান মিৰাজ-২০০০ দুৰ্ঘটনাগ্ৰস্ত হয় । ঘটনাৰ পিছতে আহত পাইলটৰ এখন ছবিও প্ৰকাশ পাইছে, য’ত তেওঁক মোবাইলত কাৰোবাৰ লগত কথা পতা দেখা গৈছে । সেই স্থানত উপস্থিত হোৱা গাঁওবাসীয়ে তেওঁৰ যত্ন লয় ।
জানিব পৰা মতে দুয়োজন পাইলট বৰ্তমান নিৰাপদ আৰু তেওঁলোকক বায়ুসেনাৰ আন এখন হেলিকপ্টাৰেৰে লৈ যোৱা হৈছে । লাভ কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি এই বিমানখন গোৱালিয়াৰৰ পৰা নিয়মীয়াকৈ প্ৰশিক্ষণ ওৰণত আছিল । তেতিয়াই এই দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোৰ প্ৰাৰম্ভিক কাৰণ ব্যৱস্থাৰ বিজুতি বুলি উল্লেখ কৰি বায়ুসেনাই তদন্তৰ নিৰ্দেশ দিছে ।