আজাৰবাইজানৰ ৰাজধানী বাকুত অনুষ্ঠিত হৈ থকা গ্ল’বেল ক্লাইমেট টকছ কনফাৰেন্স (COP29)ৰ প্ৰথম দিনাই এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সিদ্ধান্তৰ অধীনত পেৰিছ চুক্তিৰ ৬ নং অনুচ্ছেদ গ্ৰহণ কৰা হয় । পেৰিছ চুক্তিৰ ছয় নং অনুচ্ছেদত বিশ্বব্যাপী কাৰ্বন বজাৰ গঠনৰ ব্যৱস্থা আছে । ইয়াৰ উপৰিও বিশ্ব কাৰ্বন বজাৰৰ পৰিচালনাৰ সৈতে জড়িত বিধানসমূহো F/el উল্লেখ কৰা হৈছে । যোৱা কেইবাবছৰ ধৰি এই দিশত কোনো অগ্ৰগতি হোৱা নাছিল । এতিয়া ইয়াৰ কাৰ্যকৰীকৰণৰ আশা কৰা হৈছে ।
পেৰিছ চুক্তিৰ ৬ নং অনুচ্ছেদ কি-
পেৰিছ চুক্তিৰ ৬ নং অনুচ্ছেদত কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ আহ্বান জনোৱা হৈছে । ই দেশ আৰু কোম্পানীসমূহৰ বাবে কাৰ্বন অফছেটৰ ব্যৱসায়ৰ বাবে দুটা পথ প্ৰদান কৰে, যিয়ে কাৰ্বন নিৰ্গমন হ্ৰাসৰ লক্ষ্য পূৰণ কৰাত সহায় কৰে । ইয়াৰ প্ৰথম বিকল্প, যিটো অনুচ্ছেদ ৬.২ নামেৰে জনাজাত, দুখন দেশে নিজৰ চৰ্তত দ্বিপাক্ষিক কাৰ্বন বাণিজ্য চুক্তি স্থাপন কৰিবলৈ অনুমতি দিয়ে । দ্বিতীয়টো হ’ল ৬.৪ অনুচ্ছেদ, যিয়ে এক কেন্দ্ৰীভূত, ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যিয়ে দেশ আৰু কোম্পানী দুয়োটাকে কাৰ্বন নিৰ্গমনৰ ক্ষতিপূৰণ আৰু ব্যৱসায় কৰিবলৈ অনুমতি দিয়ে ।
এই ব্যৱস্থাৰ উদ্দেশ্য হৈছে কাৰ্বন সমৃদ্ধ পৰিৱেশ তন্ত্ৰ থকা দেশসমূহলৈ জলবায়ুৰ বিত্তীয় প্ৰবাহ বৃদ্ধি কৰা, যাৰ ফলত পৰিৱেশৰ অখণ্ডতা আৰু বিত্তীয় সাহায্যৰ ন্যায্য প্ৰৱেশ নিশ্চিত কৰা ।