নাহৰকটীয়াত হঠাত বিধায়ক তৰংগ গগৈৰ নেতৃত্বত আৰক্ষীয়ে চলালে অভিযান । দীৰ্ঘদিন ধৰি নাহৰকটীয়া নগৰৰ মাজমজিয়াত অবৈধ ভাবে গোধন নিধন কৰি গো-মাংস বিক্ৰী কৰি অহাৰ অভিযোগ একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে । শুকুৰবাৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে চলি অহা অবৈধ মাংসৰ দোকানত অভিযান চলায় । চাৰিটাকৈ গৰু নিধন কৰি গো-মাংস বিক্ৰীৰ চেষ্টা চলাওতেই উৎখাত কৰা হয় এই চক্ৰটোক। নাহৰকটীয়া থানা কমিটিৰ সভাপতি গকুল বৰাৰ নেতৃত্বত আৰক্ষীসহ বিধায়কগৰাকীয়ে অভিযান চলায়। নাহৰকটীয়াৰ ভূঞা পট্টীৰ ৰফিউল হুছেইন ভূঞাৰ পুত্ৰ ছফিউল হুছেইন ভূঞাই চুৰি কৰি আনি এই গোধন সমূহ নিধন কৰি গো-মাংসৰ ৰমৰমীয়া বেহা চলাই আহিছিল।দীৰ্ঘদিন ধৰি ছফিউল হুছেইন ভূঞাৰ নেতৃত্বত গৰু চুৰি চক্ৰটোৱে নিশা ৰাজপথৰ পৰা গোধন সমূহ উঠাই নি প্ৰতি সপ্তাহৰ শুক্ৰবাৰে আৰু দেওবাৰে এই গোধন সমূহ নিধন কৰি গো-মাংসৰ ৰমৰমীয়া বেহা চলাই গৈছিল। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গো-মাংস সমূহ জব্দ কৰাৰ লগতে চুৰি গৰু উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।