কংগ্ৰেছ কৰ্মী হিমানী নৰৱালৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা অভিযুক্তজনৰ পৰা হিমানীৰ মোবাইল ফোন আৰু গহনাও উদ্ধাৰ কৰা হৈছে।হত্যাকাৰীজন বাহাদুৰগড়ৰ ওচৰৰ এখন গাঁৱৰ বাসিন্দা।
প্ৰাৰম্ভিক অনুসন্ধানত, হত্যাকাৰীজনে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে যে হিমানীক তাইৰ ঘৰতেই হত্যা কৰিছিল আৰু তাৰ পিছত মৃতদেহটো এটা চুটকেচত লৈ গৈছিল।
তদুপৰি, তেওঁ হিমানীৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্কত আছিল বুলিও উল্লেখ কৰে। অভিযুক্তজনে হিমানীৰ প্ৰেমিক বুলি দাবী কৰিছে। তেওঁ অভিযোগ কৰিছিল যে হিমানীয়ে তেওঁক ব্লেকমেইল কৰি আছিল।
এই সময়ছোৱাত, তেওঁ হিমানীক কেইবাবাৰো টকা দিছিল। কিন্তু হিমানীয়ে বাৰে বাৰে অধিক ধন দাবী কৰি আছিল, যাৰ ফলত তেওঁ হিমানীক হত্যা কৰিছিল।
উল্লেখনীয় যে হিমানীৰ মৃতদেহ ১ মাৰ্চত এটা চুটকেচৰ পৰা উদ্ধাৰ কৰা হৈছিল। তেওঁ কংগ্ৰেছ দলৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। হিমানীয়ে আইন অধ্যয়ন কৰি আছিল আৰু সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় আছিল।
হিমানী নৰৱাল হত্যাকাণ্ডৰ গোচৰত গঠন কৰা এছআইটিৰ মুৰব্বী ডিএছপি ৰজনীশ কুমাৰে কৈছিল যে আৰক্ষীয়ে হত্যাৰ গোচৰটোত গুৰুত্বপূৰ্ণ সূত্ৰ লাভ কৰিছে।
ম’বাইল ফোনটোও উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে এই ঘটনাটো বিভিন্ন দিশৰ পৰা তদন্ত কৰি আছে। হিমানীৰ হত্যাক লৈও ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি হৈছে, কিয়নো তেওঁ কংগ্ৰেছ দলৰ সৈতে জড়িত আছিল আৰু কংগ্ৰেছৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল।