মৌচুমী গগৈৰ পিছত এইবাৰ নগাঁৱত অনুৰূপ ঘটনা। নগাঁৱৰ মেট্ৰ’ হস্পিতালত কতৰ্ব্যৰত এগৰাকী মহিলা স্বাস্থ্য কৰ্মীক ছুৰিকাঘাট বিল্লাল উদ্দিন নামৰ যুৱকজনৰ।
জানিব পৰা মতে বিল্লাল উদ্দিন নামৰ যুৱকজনে আকলিমা খাতুনক প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু সেই প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই বিল্লালে প্ৰথমে যুৱতীগৰাকীক চেতনা নাশক দ্ৰব্য খোৱাই অচেতন কৰে আৰু তাৰ পিছত যুৱতী গৰাকীৰ পেটত ছুৰিৰে আক্ৰমণ কৰে।
যুৱতী গৰাকীক কৰ্মৰত অৱস্থাত তিনি বান্ধবীয়ে মেট্ৰ’ হস্পিতালৰ পৰা ওচৰৰ এখন হোটেললৈ মাতি নি চাউমিনৰ লগত চেতনা নাশক দ্ৰব্য খোৱাই অচেতন কৰাৰ অভিযোগ পৰিয়ালৰ।
ছুৰিকাঘাটৰ পিছত মূমূৰ্ষ অৱস্থাত বটদ্ৰৱাৰ ভোমোৰাগুৰিত উদ্ধাৰ হয় যুৱতীগৰাকী।যুৱতী গৰাকীৰ পেটত চুৰিৰে আক্ৰমণ কৰি হাত ভৰি বান্ধি থোৱা অৱস্থাত বটদ্ৰৱা আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।
বৰ্তমান চিকিৎসালয়ৰ বিচনাত জীৱন মৃত্যুৰে যুঁজি আছে স্বাস্থ্য কৰ্মী আকলিমা খাতুনে ।মেট্ৰ’ হস্পিতালৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এই ভয়ংকৰ ঘটনা ছয় দিনে গাপ দিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপিত হৈছে।
ঘটনা সন্দৰ্ভত যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছিল যদিও কোনো গুৰুত্ব নিদিলে। সেয়ে ন্যায় বিচাৰি উপায়ন্তৰ হৈ নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এখনি এজাহাৰ দাখিল কৰে পৰিয়ালটোৱে।