ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰচিলে ইতিহাস ।ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে ৫৬ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে গায়ানা ভ্ৰমণ কৰিলে নৰেন্দ্ৰ মোদীয়ে।
বুধবাৰে প্ৰধানমন্ত্ৰী মোদী জাৰ্জটাউনত উপস্থিত হোৱাৰ পিছত গায়ানাৰ ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলী, প্ৰধানমন্ত্ৰী মাৰ্ক এন্থনী ফিলিপছ আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে এক বিশাল আদৰণি জনাইছিল।প্ৰধানমন্ত্ৰী মোডীয়ে গায়ানাৰ সংসদৰ এক বিশেষ অধিৱেশনতো সম্বোধন কৰে।
তেওঁ কয় যে, “গায়ানাত গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে আপুনি কৰা সকলো প্ৰচেষ্টাই বিশ্বৰ উন্নয়ন শক্তিশালী কৰি তুলিছে।”
গায়ানাৰ সংসদৰ এক বিশেষ অধিৱেশনত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “ভাৰত আৰু গায়ানাৰ মাজৰ সম্পৰ্ক গভীৰ, ই মাটি, ঘাম আৰু পৰিশ্ৰমৰ সম্পৰ্ক”।
“প্ৰায় ১৮০ বছৰ পূৰ্বে এজন ভাৰতীয় গায়ানা দেশলৈ আহিছিল আৰু তেতিয়াৰ পৰা, ভাৰত আৰু গায়ানাৰ মাজৰ সম্পৰ্ক সুখ আৰু দুখ দুয়োটা ক্ষেত্ৰতে অন্তৰংগতাৰে পৰিপূৰ্ণ হৈ আহিছে”।
প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, আজি, বিশ্বৰ সন্মুখত আগবাঢ়ি যোৱাত আটাইতকৈ শক্তিশালী মন্ত্ৰটো হৈছে ‘গণতন্ত্ৰ প্ৰথম, মানৱতা প্ৰথম’। গণতন্ত্ৰ প্ৰথমে আমাক শিকাই যে সকলোকে লগত লৈ যাব লাগে, সকলোকে লগত লৈ সকলোৰে বিকাশত অংশীদাৰ হওক”।
“মানৱতা প্ৰথমৰ ভাবনাই আমাৰ সিদ্ধান্তৰ দিশ নিৰ্ধাৰণ কৰে। যেতিয়া আমি ‘মানৱতা প্ৰথম’ক আমাৰ সিদ্ধান্তৰ আধাৰ কৰি লওঁ, তেতিয়া ফলাফলবোৰ মানৱতাৰ বাবেও লাভজনক হয়”।
ভাষণত তেওঁ লগতে কৈছিল যে “২৪ বছৰ আগতে এজন সন্ধানী হিচাপে মই এই ধুনীয়া দেশখন ভ্ৰমণ কৰাৰ সুযোগ পাইছিলো।সাধাৰণতে, মানুহে এনে দেশলৈ যাব বিচাৰে য’ত যথেষ্ট গ্ৰেমাৰ থাকে,কিন্তু মই গায়ানাৰ ঐতিহ্য আৰু ইতিহাস জানিব আৰু বুজিব খোজো”।
“আজিও, গায়ানাত বহুতো লোক পাব যিয়ে মোক লগ পোৱাৰ কথা মনত ৰাখিছে।মোৰ সেই ভ্ৰমণৰ বহুতো ভাল লগা স্মৃতি আছে।গায়ানাৰ ঐতিহাসিক সংসদত উপস্থিত থাকিবলৈ মোক সুযোগ দিয়াৰ বাবে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছো।কাইলৈ, মোক গায়ানাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব। তাৰ বাবে মই আপোনালোক সকলোকে ধন্যবাদ জনাব বিচাৰো। মই এই বঁটা ভাৰতৰ জনসাধাৰণক উৎসৰ্গা কৰিছো”।