বলিউডৰ অভিনেতা ছলমান খানক প্ৰাণে মৰাৰ ধমকি দিয়া কথা সকলোৱে জানে । তাৰ মাজতে এতিয়া আকৌ আন এটা খবৰে তোলপাৰ লগাইছে।
এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ ঘটনা পোহৰলৈ আহিছে।এই ভাবুকিটো ফোনযোগে দিয়া হৈছে। তথ্য অনুসৰি, মুম্বাই আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ কক্ষলৈ এটা ভাবুকিপূৰ্ণ ফোন আহিছিল।
জানিব পৰা মতে ফোন কৰা ব্যক্তিজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যা কৰাৰ ভাবুকি দিয়ে আৰু কয় যে সমগ্ৰ পৰিকল্পনাটো ইতিমধ্যে কৰা হৈছে।
ফোনকলটো লাভ কৰাৰ পিছতেই মুম্বাইৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তজনক চিনাক্ত কৰা হৈছে। ধমকি দিয়া গৰাকী এগৰাকী মহিলা বুলি জানিব পৰা গৈছে।
মহিলাগৰাকীক সোনকালেই গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে এক তথ্য দিছে।অৱশ্যে মহিলাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্থ বুলি জানিব পৰা গৈছে।