প্ৰেমে নামানে কোনো ধৰ্ম, প্রেমে নামানে কোনো জাতি এতিয়া প্ৰমে নামানে কোনো সম্পৰ্কও। প্ৰথমে বিয়াত কন্যাদান। তাৰ পিছত কন্যাৰ সৈতে পিতৃৰ প্ৰেম। শেষত কন্যাৰ সৈতে পিতৃ ৰূপী প্ৰেমীকৰ পলায়ন। এই ঘটনা সংঘটিত হৈছে গোলকগঞ্জৰ আগমনীত। কালডোৱা তৃতীয় খণ্ডৰ খয়বৰ আলীৰ সৈতে কেইবছৰমান পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল এগৰাকী মহিলা ।মহিলা গৰাকীৰ বিয়াত কন্যাদান কৰিছিল একে গাঁৱৰে লম্পট আনাৰুল মণ্ডলে ।কিন্তু কন্যাৰ ঘৰলৈ অহা যোৱা কৰোতে কৰোতে কন্যাৰ সৈতে আৰম্ভ হৈছিল প্ৰেমৰ সম্পৰ্ক। কেইবছৰমান প্ৰেমৰ অন্তত যোৱা ২৯ ছেপ্টেম্বৰত পলাই গ’ল পিতৃ- কন্যা। পলাইযোৱাৰ সময়ত মহিলা গৰাকীয়ে ঘৰৰ পৰা সোণৰ অলংকাৰসহ নগদ ধন লৈ যোৱাৰ লগতে সন্তানটিক এৰি থৈ যায় । সমগ্ৰ ঘটনা সম্পৰ্কে আগমনী আৰক্ষী থানাত খয়বৰ আলীয়ে আনাৰুল মণ্ডলৰ বিৰুদ্ধে এজাহাৰ দিয়ে ।