প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাত ক্ষমতা পৰিবৰ্তন আৰু সংকটৰ পিছত প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰিছে। কলম্বোৰ প্ৰতিষ্ঠিত স্বতন্ত্রতা স্মাৰক হলত প্ৰধানমন্ত্ৰী মোদীক এক বৃহৎ আনুষ্ঠানিক আদৰণি জনোৱা হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে শ্ৰীলংকাত চেৰেমনিয়াল গাৰ্ড অৱ অনাৰৰ পিছত মিত্ৰ বিভূষণ বঁটা লাভ কৰা প্ৰথমজন বিদেশী নেতা।
তেওঁ এই বঁটা ভাৰতৰ ১৪০ কোটি সাধাৰণ জনতাক উৎসৰ্গা কৰিছে। তেওঁ কয় যে মোৰ দেশৰ ১৪০ কোটি জনসাধাৰণৰ বাবে এয়া এক সন্মান।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত ভাগ-বতৰা কৰা ভৱিষ্যত আৰু সমৃদ্ধিৰ বাবে অংশীদাৰিত্বৰ প্ৰসাৰৰ বাবে দ্বিপাক্ষিক আলোচনা চলি আছে।
প্ৰধানমন্ত্ৰী মোদীৰ এই তিনিদিনীয়া ভ্ৰমণ (৪ এপ্ৰিলৰ পৰা ৬ এপ্ৰিললৈ) শ্ৰীলংকাৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ওপৰত কেন্দ্ৰিত।
এই সময়ছোৱাত প্ৰতিৰক্ষা, শক্তি, স্বাস্থ্য, বাণিজ্য আৰু ডিজিটেল খণ্ডত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে প্ৰায় ১০খন চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ ভিতৰত প্ৰতিৰক্ষা সহযোগিতা চুক্তি (MoU)ও আছে। ভাৰতৰ পৰা শ্ৰীলংকালৈ ঋণ বিতৰণ আৰু মুদ্ৰা বিনিময় সাহায্যৰ সৈতে জড়িত দুখন নথিও ৰাজহুৱা কৰা হ’ব পাৰে।
আদৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়।সেই সময়ত দুয়োখন দেশৰ জাতীয় সংগীত বজোৱা হৈছিল।
এই অনুষ্ঠানত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিনি অমৰাসুৰিয়া, সংসদৰ অধ্যক্ষ জগাথ উইক্ৰামৰত্নেকে ধৰি কেইবাজনো জ্যেষ্ঠ মন্ত্ৰী উপস্থিত থাকে।
বিষয়াসকলৰ মতে, শ্ৰীলংকাৰ স্বাধীনতাৰ প্ৰতীক স্বতন্ত্রতা স্মাৰক চৌহদত বিদেশী নেতাক প্ৰথমবাৰৰ বাবে এনে সন্মান প্ৰদান কৰা হৈছে।
কি হয় মিত্ৰ বিভূষণ
মিত্ৰ বিভূষণ বঁটা হৈছে শ্ৰীলংকাই প্ৰদান কৰা এক সন্মান। যিটো বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ প্ৰতি ব্যতিক্ৰমী অৱদান আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কক প্ৰসাৰিত কৰাৰ বাবে দিয়া হয়।
এই বঁটা ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতি মহিন্দ ৰাজাপাক্ষই আৰম্ভ কৰিছিল।এই সন্মান লাভ কৰাজনক প্ৰশস্তি আৰু ৰূপৰ পদক দিয়া হয়, যিটো ডিঙিত পিন্ধা হয়।