ভাৰতৰ অস্ত্ৰ ৰপ্তানি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । আনকি এই ক্ষেত্ৰত ভাৰতে সকলো অভিলেখ ভংগ কৰিছে । বৰ্তমান ভাৰতৰ বাৰ্ষিক প্ৰতিৰক্ষা উৎপাদন ১২ লাখ কোটি টকা হৈছেগৈ । ২০২৮-২৯ চনৰ ভিতৰত ইয়াৰ পৰিমাণ ৩ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে । ভাৰত চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে প্ৰায় ১০০খন দেশলৈ বিভিন্ন ধৰণৰ অস্ত্ৰ বা প্ৰতিৰক্ষা সম্পৰ্কীয় সামগ্ৰী ৰপ্তানি কৰি আছে ।
আৰ্মেনিয়া অস্ত্ৰৰ সৰ্ববৃহৎ ক্ৰেতা-
চলিত বৰ্ষৰ এপ্ৰিল মাহত ভাৰতে ফিলিপাইনছৰ সৈতে ৩৭৫ মিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছিল । এই চুক্তিৰ অধীনত ভাৰতে ফিলিপাইনছলৈ ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল ডেলিভাৰী কৰিব । আৰ্মেনিয়া ভাৰতৰ পৰা অস্ত্ৰৰ সৰ্ববৃহৎ ক্ৰেতা । ভাৰতে আকাশ এয়াৰ ডিফেন্স চিষ্টেম, পিনাকা মাল্টি লঞ্চ ৰকেট চিষ্টেম আৰু ১৫৫ মিঃমি আৰ্টিলাৰী গান আৰ্মেনিয়ালৈ ৰপ্তানি কৰে । গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰতৰ অস্ত্ৰ ক্ৰয়ৰ তালিকাত আমেৰিকা আৰু ফ্ৰান্সো শীৰ্ষ ৩ খন দেশৰ ভিতৰত অন্তৰ্ভুক্ত আছে ।
ব্ৰাহ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইলক ভাৰতৰ ব্ৰহ্মাস্ত্ৰ বুলি কোৱা হয় । পৃথিৱীৰ বহু দেশে এই অস্ত্ৰ প্ৰণালী ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে । দক্ষিণ আফ্ৰিকা, চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, ইণ্ডোনেছিয়া, ভিয়েটনাম আৰু ইজিপ্তেও এই ক্ষেপণাস্ত্ৰ ক্ৰয়ৰ বাবে চেষ্টা চলাইছে । ভাৰতে কেৱল ক্ষেপণাস্ত্ৰই নহয়, প্ৰতিৰক্ষা সম্পৰ্কীয় সঁজুলিও বিভিন্ন দেশক যোগান ধৰে ।
ভাৰতে বহুতো দেশলৈ বুলেট প্ৰুফ জেকেট, নাইট ভিজন কেমেৰা, আৰ্টিলাৰী গান, আকাশ মিছাইল, সজ্জিত বাহন আৰু ৰাডাৰ ৰপ্তানি কৰি আছে । আমেৰিকাই ভাৰতৰ পৰা হেলিকপ্টাৰৰ ফেন/পাংখা আৰু বিমানো ক্ৰয় কৰে । একে সময়তে, আমেৰিকাই ভাৰতৰ পৰা আন বহুতো সামগ্ৰী লয় । আনহাতে ভাৰতে ফ্ৰান্সলৈ ছফ্টৱেৰ আৰু ইলেক্ট্ৰনিক সঁজুলি ৰপ্তানি কৰে ।
প্ৰতিৰক্ষা ৰপ্তানি ২১ হাজাৰ কোটি টকা অতিক্ৰম-
উল্লেখ্য যে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ২০২৩-২৪ চনত ২১ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে । ১০ বছৰ পূৰ্বে ইয়াৰ পৰিমাণ প্ৰায় ৬০০ কোটি টকা আছিল । প্ৰতিৰক্ষা ৰপ্তানি প্ৰতি বছৰে ২০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে । মোদী চৰকাৰৰ মেক ইন ইণ্ডিয়া আঁচনিয়ে প্ৰতিৰক্ষা উৎপাদনক প্ৰসাৰিত কৰিছে ।