সোমবাৰে ভাৰত চৰকাৰে কেবিনেট বৈঠকত কৰদাতাসকলৰ বাবে এক ডাঙৰ ঘোষণা কৰে । আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পেন ২.০ (PAN 2.0) প্ৰকল্পৰ অনুমোদন দিয়া হৈছে কেবিনেটত । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মতে ভাৰত চৰকাৰে ইয়াৰ বাবে ১,৪৩৫ কোটি টকা ব্যয় কৰিব ।
একে সময়তে এতিয়া পান ২.০ প্ৰকল্পৰ অনুমোদন পোৱাৰ লগে লগে পেন কাৰ্ড সন্দৰ্ভত কৰদাতাসকল দোমোজাত পৰিছে । পান কাৰ্ড সন্দৰ্ভত কৰদাতাৰ মনত বহু প্ৰশ্ন উত্থাপন হৈছে, বৰ্তমান তেওঁলোকৰ হাতত থকা পান কাৰ্ডখনেই যথেষ্ট হ’ব, নে নতুনকৈ পান বনাব লাগিব নে দুয়োখন পেন কাৰ্ড থকাটো প্ৰয়োজনীয় হ’ব ইত্যাদি বিভিন্ন প্ৰশ্নই আগুৰি ধৰিছে তেওঁলোকক ।
পেন কাৰ্ড ২.০ প্ৰকল্প কি ?
উল্লেখ্য যে পেন ২.০ প্ৰকল্পৰ অধীনত সৃষ্টি কৰা কাৰ্ডখন হৈছে পেন কাৰ্ড ১.০ প্ৰকল্পৰ এক উন্নীত সংস্কৰণ । তদুপৰি, ইয়াত এটা পেন কিউ আৰ কোড থাকিব আৰু কৰদাতাসকলে ইয়াক প্ৰস্তুত কৰিবলৈ পৃথকে পৰিশোধ কৰিব নালাগে । ইয়াৰ বাবে ক’লৈকো যোৱাৰ কোনো প্ৰয়োজন নাই । নতুন পেনটো এটা অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে সম্পূৰ্ণ বিনামূলীয়াকৈ সৃষ্টি কৰা হ’ব ।
পেন ২.০ প্ৰকল্পৰ উদ্দেশ্য-
প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰা : কৰদাতাৰ পঞ্জীয়ন আৰু সেৱা সহজ আৰু দ্ৰুত কৰা ।
তথ্যৰ সামঞ্জস্যতা : সকলো তথ্য একে ঠাইতে সহজে উপলব্ধ হ’ব ।
পৰিৱেশ অনুকূল পদ্ধতি : এই কাম পৰিৱেশ অনুকূল প্ৰক্ৰিয়াৰ জৰিয়তে অনলাইনত কৰা হ’ব আৰু ই খৰচ কমোৱাত সহায় কৰিব ।
উন্নত সুৰক্ষা : উন্নত সুৰক্ষাৰ বাবে ডিজিটেল আন্তঃগাঁথনি উন্নীত কৰা হৈছে ।
ইতিমধ্যে প্ৰায় ৭৮ কোটি পেন জাৰি কৰা হৈছে । ইয়াৰে ৯৮ শতাংশ অৰ্থাৎ বৰ্তমানৰ প্ৰায় সকলো পেনধাৰীকে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাকৈ উন্নত ডিজিটেল অভিজ্ঞতা প্ৰদান কৰিব ।