দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত খো-খো বিশ্বকাপৰ প্ৰথমটো সংস্কৰণ অনুষ্ঠিত হয় । এই প্ৰতিযোগিতাত ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ শক্তিশালী প্ৰদৰ্শন দেখা যায় । ভাৰতীয় মহিলা দলটোৱে নেপালক পৰাস্ত কৰি খিতাপ দখল কৰে । তাৰ পিছতে ভাৰতীয় পুৰুষ দলটোৱেও এক ঐতিহাসিক প্ৰদৰ্শন আগবঢ়ায় । পুৰুষৰ খো-খো বিশ্বকাপৰ চূড়ান্ত খেলখন ভাৰত আৰু নেপালৰ দলৰ মাজত অনুষ্ঠিত হয় । প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলো এই দুটা দলৰ মাজত অনুষ্ঠিত হৈছিল । এই মেচখনত টিম ইণ্ডিয়া জয়ী হৈছিল । ফাইনেলতো প্ৰথমখন মেচৰ পুনৰাবৃত্তি ঘটে, ভাৰতীয় দলে নেপালক পৰাস্ত কৰি খিতাপ দখল কৰে ।
চূড়ান্ত খেলখনত ভাৰতীয় দলটোৱে একপক্ষীয় জয়লাভ কৰে-
এই খেলখনত ভাৰতীয় দলটোৱে নেপালক ৫৪-৩৬ৰ ব্যৱধানত পৰাস্ত কৰে । চূড়ান্ত খেলখনত নেপাল দলটোৱে টছত জয়ী হয় আৰু ডিফেণ্ড কৰাৰ সিদ্ধান্ত লয় । কিন্তু ভাৰতীয় দলটোৱে শক্তিশালী আৰম্ভণি কৰে । ১ নং টাৰ্ণত আক্ৰমণ কৰি ভাৰতীয় দলটোৱে মুঠ ২৬ পইণ্ট লাভ কৰে । ২ নং টাৰ্ণত আক্ৰমণ চলাওঁতে নেপালৰ দলটোৱে ১৮ পইণ্ট লাভ কৰিবলৈ সক্ষম হয়, যাৰ বাবে ভাৰতীয় দলটোৱে ৮ পইণ্টৰ অগ্ৰগতি লাভ কৰে । ইয়াৰ পিছত টাৰ্ণ ৩ত টিম ইণ্ডিয়াই ৫৪ পইণ্টৰ পৰিসংখ্যা স্পৰ্শ কৰি ২৬ পইণ্টৰ অগ্ৰগতি লাভ কৰে । শেষৰ টাৰ্ণত নেপালে ৮ পইণ্ট লাভ কৰিবলৈ সক্ষম হয়, যাৰ বাবে ভাৰতীয় দলে একপক্ষীয়ভাৱে খেলখনত জয়লাভ কৰে ।
অপৰাজিত হৈ ৰয় ভাৰতীয় পুৰুষ দল-
পুৰুষৰ খো-খো বিশ্বকাপত মুঠ ২০টা দলে অংশগ্ৰহণ কৰে । এই সময়ছোৱাত ভাৰতীয় পুৰুষ দলটো নেপাল, পেৰু, ব্ৰাজিল আৰু ভূটানৰ সৈতে গ্ৰুপ এত আছিল । গ্ৰুপ পৰ্যায়ত টিম ইণ্ডিয়াৰ পৰা এক শক্তিশালী প্ৰদৰ্শন দেখা যায় । প্ৰতিখন মেচতে জয়ী হৈ দলটো অপৰাজিত হৈ ৰয় । ভাৰতীয় দলটোৱে নেপালক ৪২-৩৭ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ আৰম্ভণি কৰে । ইয়াৰ পিছত ব্ৰাজিল ৬৪-৩৪ ব্যৱধানত পৰাস্ত হয় । একে সময়তে পেৰুৰ বিৰুদ্ধে ৭০-৩৮ ব্যৱধানত জয়লাভ কৰে ভাৰত । তাৰ পিছত ভূটানক ৭১-৩৪ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় দলোটেৱ ।
ইফালে নকআউট মেচতো একপক্ষীয়ভাৱে জয়লাভ কৰে টিম ইণ্ডিয়াই । কোৱাৰ্টাৰ ফাইনেলত শ্ৰীলংকাক ১০০-৪০ ব্যৱধানত পৰাস্ত কৰে ভাৰতে । ইয়াৰ পিছত ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৬০-১৮ ব্যৱধানত জয়লাভ ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় পুৰুষ দলটোৱে ।