বিশ্বৰ সৰ্ববৃহৎ আইচবাৰ্গ A২৩a এ পুনৰ গতি কৰিবলৈ আৰম্ভ কৰিছে । বিগত বহু দিন ধৰি একে ঠাইতে আবদ্ধ হৈ আছিল এই বিৰাটাকায়ৰ হিমখণ্ডটো । ব্ৰিটিছ এন্টাৰ্কটিক জৰীপ (BAS)ৰ বিজ্ঞানীসকলে কয় যে এতিয়া দক্ষিণ মহাসাগৰত A২৩a এ গতি কৰিছে । ৩,৬৭২ বৰ্গ কিলোমিটাৰ বিস্তৃত এই আইচবাৰ্গৰ ওজন প্ৰায় এক ট্ৰিলিয়ন টন । ১৯৮৬ চনত ই ফিলচনাৰ-ৰন আইচ শ্বেলফৰ পৰা পৃথক হৈছিল । তেতিয়াৰ পৰাই বিজ্ঞানীসকলে ইয়াৰ ওপৰত চকু ৰাখিছে । এই আইচবাৰ্গটো এণ্টাৰ্কটিকাৰ ৱেডেল সাগৰৰ তলত ৩০ বছৰৰো অধিক সময় ধৰি স্থিৰ হৈ আছিল ।
তেতিয়াৰ পৰা এতিয়ালৈকে A২৩a পানীত আবদ্ধ হৈ আছিল-
ইয়াৰ পিছতে A23a আইচবাৰ্গ সাগৰৰ সোঁতে কঢ়িয়াই লৈ যায় । তাৰ পিছত ই ‘টেইলৰ কলাম’ত আবদ্ধ হৈ পৰিল, যিটো পানীৰ ঘূৰ্ণন সোঁতৰ নাম । পানীৰ তলৰ পৰ্বতত সাগৰৰ সোঁতে খুন্দা মৰাৰ বাবেই এই সোঁতৰ সৃষ্টি হয় ।
এই আইচবাৰ্গ এতিয়া ক’লৈ যাব ?
এতিয়া এই আইচবাৰ্গটো যেতিয়া পুনৰ মুক্ত হৈছে, সেয়েহে বিজ্ঞানীসকলে আশা কৰিছে যে ই সাগৰৰ সোঁতৰ সৈতে উষ্ণ পানী আৰু দূৰৱৰ্তী দক্ষিণ জৰ্জিয়া দ্বীপৰ ফালে যাব । তাত ই ভাঙি শেষত গলি যোৱাৰ সম্ভাৱনা আছে বুলি শুকুৰবাৰে বি এ এছে এক বিবৃতিত কয় ।
আশীৰ দশকৰ পিছত ‘সৰ্ববৃহৎ আইচবাৰ্গ’ হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে A23a এ । মাজতে আৰু কেইটামান বৰফৰ শিখৰ দেখা দিলে যদিও ২০১৭ চনত এ৬৮ আৰু ২০২১ চনত এ৭৬কে ধৰি অতি সোনকালেই গলি গ’ল ।