পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে মঙলদৈত। পুনৰ এঘৰীয়া কৰা হ’ল ১৬ টাকৈ পৰিয়ালক।
জানিব পৰা মতে মঙলদৈৰ গধীয়াপাৰা গাঁওখনৰ পথৰ দাঁতিতে এখন শ্মশান নিৰ্মাণ কৰাত একাংশ গাওঁ বাসীয়ে বাধা প্ৰদান কৰিছিল।এতিয়া বাধা দিয়াৰ ফল ভোগ কৰিব লগা হৈছে এঘৰীয়া হৈ।
উল্লেখ্য যে গধীয়াপাৰা গাঁৱৰ প্ৰায় ২০০ পৰিয়ালৰ বাবে চৰকাৰে এখন শ্মশান নিৰ্মাণ কৰিবলৈ ধন আৱন্তন দিছিল।সেই শ্মশান নিৰ্মাণ কৰাৰ বাবে গাওঁ খনত যথেষ্ট ঠাই আছিল যদিও কেইগৰাকীমান মুখীয়ালে শ্মশান খন পথৰ দাঁতিতে স্থাপন কৰাৰ পোষকতা কৰি ডেৰ কথা মাটি আৱন্তন লয়।কিন্তু
একাংশ ৰাইজৰ দাবী, সেই স্থানত শ্মশান হ’লে সেই পথেৰে যোৱা ছাত্র ছাত্রীকে ধৰি ৰাইজৰ বাবে এক জয়াল পৰিবেশৰ সৃষ্টি হব। লগতে উত্তৰ মঙলদৈ হাইস্কুলৰ ছাত্র ছাত্ৰী সকলৰ বাবেও অসুবিধাৰ সৃষ্টি হব।
সেয়ে পূৰ্বৰ পৰা থকা দুখন শ্মশানৰ সলনি এখনত উন্নত প্ৰযুক্তিৰে শ্মশান নিৰ্মান কৰিলে ৰাইজৰ সুবিধা হ’ব বুলি মতপোষন কৰে।
একাংশ লোকে এইখিনি কথা কোৱাৰ বাবেই গাঁওখনৰ মুখিয়াল কেইগৰাকীয়ে মুক্তিযুঁজাৰু নিধিৰাম চহৰীয়াৰ পৰিয়াল সহ গাঁওখনৰ ১৬ টা পৰিয়ালক এঘৰীয়া কৰে।এই ঘটনাৰ সন্দৰ্ভত এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে একাংশ ৰাইজে।