আই পি এল ২০২৫ৰ পূৰ্বে শ্ৰেয়াছ আয়াৰক মুকলি কৰি দিছিল কলকাতা নাইট ৰাইডাৰ্ছে । যোৱা ছিজনত কে কে আৰে শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত আই পি এলৰ খিতাপ দখল কৰিছিল । কিন্তু তাৰ পিছতো আয়াৰক ৰিটেইন নকৰিলে দলটোৱে । কিন্তু এতিয়া আয়াৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ ওলাইছে । মুম্বাইয়ে তেওঁক অধিনায়ক হিচাপে লৈছে । আয়াৰে ২০২৪ চনৰ চৈয়দ মুস্তাক আলী ট্ৰফীত খেলিব মুম্বাইৰ হৈ খেলিব ।
এতিয়ালৈকে আয়াৰৰ অভিলেখ অতি আকৰ্ষণীয় হৈ আছে । যদিও বৰ্তমান তেওঁ টিম ইণ্ডিয়াৰ বাহিৰত । কিন্তু আয়াৰে ঘৰুৱা মেচত অবিৰতভাৱে খেলি আছে । প্ৰকাশিত এক বাতৰি অনুসৰি শ্ৰেয়াছ আয়াৰক মুম্বাইৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব চৈয়দ মুস্তাক আলী ট্ৰফী । ইয়াত মুম্বাইৰ প্ৰথমখন খেল গোৱাৰ বিৰুদ্ধে অনুষ্ঠিত হব । এই প্ৰতিযোগিতাত খেলিব আয়াৰে । অহা ২৪ আৰু ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ মেগা নিলাম । ইয়াৰ পৰা আয়াৰে বিপুল পৰিমাণৰ ধন লাভ কৰিব পাৰে ।
অজিংক্য ৰাহানে আয়েৰৰ অধিনায়কত্বত খেলিব-
অভিজ্ঞ খেলুৱৈ অজিংক্য ৰাহানে টিম ইণ্ডিয়াৰ লগতে ঘৰুৱা মেচতো ভাল প্ৰদৰ্শন আগবঢ়াইছে । ৰাহানে অধিনায়কত্বও কৰিছে । কিন্তু তেওঁ আয়াৰৰ অধিনায়কত্বত চৈয়দ মুস্তাক আলী ট্ৰফীত খেলিব তেওঁ । তেওঁ মুম্বাই দলৰ অংশ হ’ব । ৰাহানেৰ সমান্তৰালকৈ পৃথ্বী শ্বৱেও স্থান পাব পাৰে ।
শ্ৰেয়াছ আয়াৰৰ অভিলেখ-
ভাৰতৰ হৈ ১৪খন টেষ্ট মেচ খেলিছে শ্ৰেয়াছে । এই সময়ছোৱাত ৮১১ ৰান সংগ্ৰহ কৰিছে তেওঁ । ৬২খন এদিনীয়া মেচত ২৪২১ ৰান সংগ্ৰহ কৰিছে আয়াৰে । ৫১ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১১০৪ ৰান সংগ্ৰহ কৰিছে তেওঁ । যদি আমি শ্ৰেয়াছৰ সামগ্ৰিক টি-২০ অভিলেখ চাওঁ তেন্তে তেওঁ ২১৪খন মেচত ৫৬২৯ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁ ২টা শতক আৰু ৩৬টা অৰ্ধশতক অৰ্জন কৰিছে । আয়াৰৰ শ্ৰেষ্ঠ টি-২০ স্ক’ৰ হৈছে ১৪৭ ৰান । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগতো তেওঁ শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে । কে কে আৰৰ পূৰ্বে আয়াৰে দিল্লী কেপিটেলছৰ হৈও খেলিছিল ।