এটা নৃশংস হত্যাকাণ্ডই জোঁকাৰি গৈছে কলাইগাওঁ থানাৰ অন্তৰ্গত টোকনকাটা গাঁও।কলাইগাওঁ থানাৰ অন্তৰ্গত টোকনকাটা বালিপাৰাত শুকুৰবাৰে নিশা নিচাসক্ত পুত্ৰই হত্যা কৰিলে পিতৃ লংকেশ্বৰ ৰাভাক।এডাল লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰি ঘৰৰ সন্মুখত থকা পুখুৰীত পেলাই দিয়ে পিতৃৰ মৃতদেহ।
জানিব পৰা মতে, পুত্ৰ নিৰঞ্জন ৰাভা আৰু পিতৃ লংকেশ্বৰ ৰাভাই প্ৰায়ে মদ খাই কাজিয়াত লিপ্ত হৈছিল।কিন্তু শুকুৰবাৰে নিশা পুত্ৰৰ উপাৰ্জনকলৈ প্ৰশ্ন কৰে পিতৃ লংকেশ্বৰ ৰাভাই।ইয়াৰ পিছতে মদৰ ৰাগীত থকা পুত্ৰ নিৰঞ্জন ৰাভাই হিতাহিত জ্ঞান হেৰুৱাই হত্যা কৰে পিতৃ লংকেশ্বৰ ৰাভাক।
উল্লেখযোগ্য যে নিহত পিতৃ লংকেশ্বৰ ৰাভা পেচাত এগৰাকী মিস্ত্ৰি আৰু পুত্ৰ নিৰঞ্জন টোকনকাটা ভাৰতীয় খাদ্য নিগমৰ অস্থায়ী কৰ্মচাৰী।পুৱা চুবুৰীয়াই হত্যাকাণ্ডটোৰ কথা আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী পুত্ৰক।