আজি ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ২৩৫ গৰাকীৰ ভিতৰত চতুৰ্দশ স্থানত উজলিল গহপুৰ মৰাণবাৰীৰ ৰুবু বৰা।
এটি অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ৰুবু বৰাৰ পিতৃয়ে দিয়ে পাণ-তামোলৰ দোকান। ৰুবুক পঢ়ুৱাবলৈ তামোল, পাণ আৰু কেইটামান নেমু বিক্ৰী কৰিবলৈ দি সদায় ৰৈ থাকে।
কাৰণ তামোল পাণ বিক্ৰী কৰি পোৱা সেই ধনেৰে ৰুবুৰ পঢ়াৰ খৰচ দিয়ে পিতৃয়ে ।মাজে মাজে হাজিৰা কৰা মাতৃয়ে নাজানে APSC মানে কি। কিন্তু পুত্ৰ বিষয়া হোৱা কথাটো জানিব পাৰি উচুপি উঠিল মাতৃ।
অতি অভাৱ অনাতনৰ মাজেৰে সৰুৰে পৰাই ডাঙৰ হোৱা ৰুবুয়ে পঢ়াৰ ক্ষেত্ৰটো বহু বাধাৰ সন্মুখিন হৈছিল। উৰুখা পঁজাৰ পৰা APSC ৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰুবু বৰাৰ এই সফলতাত আনন্দিত গহপুৰবাসী।