পঞ্জাৱ নেচনেল বেংকৰ কেলেংকাৰিৰ মূল অভিযুক্ত তথা পলাতক হীৰা ব্যৱসায়ী মেহুল চোকছিক বেলজিয়ামত গ্ৰেপ্তাৰ কৰা হৈছে।ভাৰতীয় নিৰাপত্তা সংস্থাৰ অনুৰোধত গ্ৰেপ্তাৰ হৈছে চোকছিক।
চোকছি চিকিৎসাৰ বাবে বেলজিয়ামলৈ গৈছিল।বেলজিয়ামৰ আৰক্ষীয়ে যোৱা ১১ এপ্ৰিলত মেহুল চোকছিক গ্ৰেপ্তাৰ কৰিছিল।বলবৎকাৰী সঞ্চালকালয় (ইডি) আৰু কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৰ অনুৰোধত গ্ৰেপ্তাৰ কৰা হয় তেওঁক।
২০২৪ চনৰ ছেপ্টেম্বৰ মাহত বেলজিয়ামক চোকছিক প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ জনোৱা হৈছিল।কিন্তু সেই সময়ত চোকছিৰ অধিবক্তাই কৈছিল যে তেওঁলোকৰ ক্লায়েণ্টৰ স্বাস্থ্য ভাল নহয় কাৰণ তেওঁ তেজৰ কৰ্কট ৰোগত আক্ৰান্ত গতিকে তেওঁক প্ৰত্যাৰ্পণ কৰিব নোৱাৰি।
ইয়াৰ পিছত ইডিৰ বিষয়াসকলে আদালতক জনাইছিল যে যদি তেওঁ এন্টিগুয়াৰ পৰা বেলজিয়ামলৈ চিকিৎসাৰ বাবে যাব পাৰে তেন্তে ভাৰতলৈ গৈ চিকিৎসাও কৰিব পাৰে।ইডি আৰু চিবিআইৰ প্ৰত্যাৰ্পণৰ অনুৰোধৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰে বেলজিয়াম আৰক্ষীয়ে।
বহু কোটি টকাৰ পিএনবি কেলেংকাৰিৰ মূল অভিযুক্ত মেহুল চোকছি। ১৩,৫০০ কোটিতকৈও অধিক ধন কেলেংকাৰি কৰিছিল চোকছিয়ে ।২০১৮ চনৰ পৰা এন্টিগুয়াত বাস কৰি আহিছে চোকছি।
চোকছিৰ বিৰুদ্ধে তিনিখন অভিযোগনামা দাখিল কৰিছে ইডিয়ে।২০১৯ চনত ইডিয়ে বোম্বাই উচ্চ ন্যায়ালয়ত চোকছি ‘পলাতক আৰু পলাতক’ বুলি কৈছিল।