ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ৫খনীয়া মেচৰ হাই প্ৰফাইল টেষ্ট শৃংখলাৰ প্ৰথমখন খেল পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । দ্বিতীয় দিনৰ খেলৰ অন্তত ভাৰতে টেষ্টখন নিজৰ দখলত ৰাখিছে । দ্বিতীয় ইনিংছত দিনান্তলৈকে ভাৰতীয় দলৰ অ’পেনাৰ যশস্বী জয়ছোৱাল (৯০ ৰান*) আৰু কে এল ৰাহুল (৬২ ৰান*) অপৰাজিত হৈ থাকে । দুয়োগৰাকীয়ে অষ্ট্ৰেলিয়ান বলাৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি ভাৰতৰ কোনো লোকচান নোহোৱাকৈ ১৭২ ৰানলৈ লৈ যায় । ইয়াৰ লগে লগে দিনটোৰ সমাপ্ত হোৱালৈ টিম ইণ্ডিয়াই ২১৮ ৰানৰ অগ্ৰগতি লাভ কৰে ।
That's Stumps on Day 2 of the first #AUSvIND Test!
— BCCI (@BCCI) November 23, 2024
A mighty batting performance from #TeamIndia! 💪 💪
9⃣0⃣* for Yashasvi Jaiswal
6⃣2⃣* for KL Rahul
We will be back tomorrow for Day 3 action! ⌛️
Scorecard ▶️ https://t.co/gTqS3UPruo pic.twitter.com/JA2APCmCjx
ইয়াৰ পূৰ্বে দিনটোৰ প্ৰথমটো অধিবেশনত যশপ্ৰীত বুমৰাহ আৰু হৰ্ষিত ৰাণাই মাত্ৰ ১০৪ ৰানত অষ্ট্ৰেলিয়াক অল আউট কৰি ৪৬ ৰানত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছিল । মিচেল ষ্টাৰকে ২৬ ৰান সংগ্ৰহ কৰি দলটোৰ সৰ্বোচ্চ স্ক’ৰাৰ হিচাপে পৰিগণিত হয় । বুমৰাহে শক্তিশালী বলিঙেৰে অষ্ট্ৰেলিয়াৰ বেটিং লাইনত খহনীয়াৰ সৃষ্টি কৰে । বুমৰাহে মাত্ৰ ৩০ ৰানত ৫টা উইকেট দখল কৰাৰ বিপৰীতে অভিষেক ঘটোৱা হৰ্ষিত ৰাণাই লাভ কৰে তিনিটা উইকেট । ছিৰাজে দুটা সফলতা লাভ কৰে ।