পলাতক হীৰা ব্যৱসায়ী মেহুল চোকছিক প্ৰত্যাৰ্পণৰ বাবে দাবী কৰিছে ভাৰত চৰকাৰে । ১২ এপ্ৰিলত গ্ৰেপ্তাৰ হৈছিল চোকছি । সোমবাৰে বেলজিয়ামৰ ফেডাৰেল পাব্লিক চাৰ্ভিচে এই তথ্য প্ৰদান কৰে । ভাৰতত সংঘটিত হাজাৰ হাজাৰ কোটি টকাৰ পি এন বি বেংক কেলেংকাৰিৰ মূল অভিযুক্ত পলাতক হীৰা ব্যৱসায়ী মেহুল চোকছি দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ।
চোকছিক গ্ৰেপ্তাৰ কৰাটো ভাৰতৰ প্ৰত্যাৰ্পণৰ প্ৰচেষ্টাৰ বাবে এক উল্লেখযোগ্য সফলতা বুলি বিবেচিত হৈছে । বিভাগটোৱে জনোৱা মতে, বেলজিয়াম কৰ্তৃপক্ষই চোকছিৰ বিৰুদ্ধে অধিক আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে । ইয়াৰ উপৰিও আইনী পৰিষদো পলাতকটোৰ বাবে উপলব্ধ কৰা হ’ব ।
১২ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল-
বিভাগটোৰ মুখপাত্ৰৰ উদ্ধৃতি দি এক সংবাদ সংস্থাই কয় যে, ‘২০২৫ চনৰ ১২ এপ্ৰিল শনিবাৰে মেহুল চোকছিক গ্ৰেপ্তাৰ কৰা হৈছিল । পৰৱৰ্তী ন্যায়িক প্ৰক্ৰিয়াৰ অপেক্ষাত চোকছিক জিম্মাত ৰখা হৈছে । চোকছিক অধিবক্তাৰ সৈতে কথা পাতিবলৈ অনুমতি দিয়া হৈছে । বেলজিয়ামৰ ফেডাৰেল পাব্লিক চাৰ্ভিচ অৱ জাষ্টিছে নিশ্চিত কৰিছে যে ভাৰত চৰকাৰে চোকছিক প্ৰত্যাৰ্পণৰ বাবে আনুষ্ঠানিক অনুৰোধ প্ৰেৰণ কৰিছে ।
ছুইজাৰলেণ্ডলৈ পলায়ন কৰিবলৈ ওলাইছিল চোকছি-
ইয়াৰ পূৰ্বে সোমবাৰে চোকছিৰ অধিবক্তাই নিশ্চিত কৰিছিল যে পঞ্জাৱ নেশ্যনেল বেংকৰ কেলেংকাৰিৰ সৈতে জড়িত পলাতক হীৰা ব্যৱসায়ীটোক বেলজিয়াম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । চুইজাৰলেণ্ডত চিকিৎসাৰ অজুহাতত চোকছিয়ে পলায়নৰ পৰিকল্পনা কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ হয় ।
বেলজিয়ামলৈ যাবলৈ সাজু ভাৰতীয় বিষয়া-
ভাৰতীয় বিষয়াসকলে এতিয়া চোকছিৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ বাবে বেলজিয়ামলৈ যোৱাৰ প্ৰস্তুতি চলাইছে । চোকছি যাতে জিম্মাত থাকে আৰু প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ’ব পাৰে তাৰ বাবে তেওঁলোকে আইনী কৌশল ৰচনা কৰিছে ।