তেলেংগানাৰ নগৰকুৰনুল জিলাত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা । এটা সুৰংগৰ এটা অংশ ভাঙি পৰাৰ ফলত ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰিছে ৬ জনকৈ শ্ৰমিক । ইতিমধ্যে আৱদ্ধ হা পৰা শ্রমিক সকলক উদ্ধাৰ প্রক্রিয়া আৰম্ভ হৈছে ৷ বৰ্তমান আৱদ্ধ শ্ৰমিকৰ সংখ্যা ৬ নে ৮ জন সেই কথা এতিয়াও স্পষ্ট হোৱা নাই ।
জানিব পৰা মতে শনিবাৰে তেলেংগানাৰ নগৰকুৰনুল জিলাৰ শ্ৰীশৈলাম লেফ্ট বেংকৰ নিৰ্মাণাধীন অংশত সংঘটিত হয় এই দুৰ্ঘটনা । ইয়াত সুৰংগৰ এটা অংশ ভাঙি পৰে । নিৰ্মাণ কোম্পানীটোৰ দলটোৱে মূল্যায়নৰ বাবে সুৰংগটোৰ ভিতৰলৈ গৈ অনুসন্ধান কৰি আছে । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে কোম্পানীটোৱে প্ৰদান কৰা তথ্য অনুসৰি ৬ৰ পৰা ৮জন শ্ৰমিক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে ।
মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক সহায় আগবঢ়াবলৈ কয়-
এই বিষয়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰিছে । বিবৃতিটোত কোৱা হৈছে যে এই ঘটনাত বহু লোক আহত হৈছে । মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্যান্য বিষয়াসকলক সাহায্যৰ বাবে সেই স্থানত উপস্থিত হ’বলৈ নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজ্যিক জলসিঞ্চন মন্ত্ৰী এন উত্তম কুমাৰ ৰেড্ডী, জলসিঞ্চন বিভাগৰ চৰকাৰী উপদেষ্টা আদিত্যনাথ দাসকে ধৰি জলসিঞ্চনৰ অন্যান্য বিষয়াসকলে বিশেষ হেলিকপ্টাৰেৰে সেই স্থানলৈ ৰাওনা হৈছে ।
দুৰ্ঘটনাটোক লৈ উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় কয়লা মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে । দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে তথ্য বিচাৰি আৱদ্ধ হৈ থকা লোকসকলক সুৰক্ষিতভাৱে উলিয়াই আনিবলৈ বিষয়াসকলক তেওঁ নিৰ্দেশ দিছে । তেওঁৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে আহতসকলক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও তেওঁ বিষয়াসকলক কৈছে ।