বিশ্বৰ অন্যতম বৃহৎ উদ্যোগপতি এলন মাস্কে ‘ইভিএম’ ক লৈ এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছে।মাস্কে কৈছে যে “ই ভি এমৰ দ্বাৰা নিৰ্বাচনত কৰিব পাৰে প্ৰৱঞ্চনা। যিহেতু কম্পিউটাৰৰ প্ৰ’গ্ৰামবোৰ হেক কৰিবলৈ সহজ, সেয়ে ইভিএম কৰিব নোৱাৰি বিশ্বাস”।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে উল্লেখ কৰি এই বিস্ফোৰক মন্তব্য কৰিছে এলন মাস্কে।

একে সময়তে, তেওঁ কয় যে ই ভি এমৰ সলনি বেলট পেপাৰৰে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ । তেওঁ ডমিনিয়ন কোম্পানীৰ ইভিএমৰ দক্ষতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডমিনিয়ন কোম্পানীৰ ভোটিং মেচিনক অস্বীকাৰ কৰি মাস্কে কয়, “এই যন্ত্ৰবোৰ ফিলাডেলফিয়া আৰু এৰিজোনাৰ বাহিৰে আন কোনো ঠাইত ব্যৱহাৰ কৰা নহয়।এই দুয়োখন স্থানতে ডনাল্ড ট্ৰাম্পৰ নেতৃত্বত ৰিপাব্লিকান পাৰ্টি পৰাজিত হৈছিল।আৰু এয়া এক অদ্ভুত ঘটনা আছিল”।

ৰাষ্ট্ৰপতি নিৰ্বাচন এই বছৰৰ ৫ নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’ব।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন এই বছৰৰ ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব।ইলন মাস্কে ৰিপাব্লিকান পাৰ্টিৰ ডনাল্ড ট্ৰাম্পক মুকলিকৈ সমৰ্থন কৰিছে। এলন মাস্কৰ এই মন্তব্যৰ পিছতেই সামাজিক মাধ্যমত এক খলকনিৰ সৃষ্টি কৰিছে।