অসমসহ ৫ ৰাজ্যত NIAৰ তীব্ৰ তালাচী অভিযান । মৌলবাদী সংগঠনৰ বিৰুদ্ধে বৃহৎ অভিযান চলালে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই । অসমৰ গোৱালপাৰাতো মৌলবাদীৰ বিৰুদ্ধে NIAএ-এ চলালে তীব্ৰ তালাচী অভিযান । গোৱালপাৰা আৰক্ষীৰ সহযোগত শুকুৰবাৰৰ নিশাৰে পৰা চলোৱা এই অভিযানত অভিযানকাৰীৰ দলে আটক কৰে ৯জনকৈ মৌলবাদী ।
বৰ্তমানো গোৱালপাৰাৰ ভিন্ন ঠাইত অভিযান অব্যাহত ৰাখিছে NIAৰ অভিযানকাৰী দলে । আটক কৰা লোকসকলক সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে । দেশৰ ৫ ৰাজ্যৰ ২২টা স্থানত চলিছে এই অভিযান । অসমৰ গোৱালপাৰাৰ লগতে কাছাৰ আৰু কোকৰাঝাৰত চলিছে অভিযান । অসমত NIAক অভিযান চলোৱাত সহযোগ কৰিছে STFয়ে ।