দিছপুৰ থানাত হাজিৰ হৈ প্ৰথম বাৰলৈ মুখ খুলিছে মাইনী মহন্তক অপদস্ত কৰা উবেৰ চালক জিতেন্দ্ৰ বৰ্মনে। সংবাদ মাধ্যমৰ আগত ক্ষমা খুজিলে উবেৰ চালকজনে।
নিজৰ ভূল স্বীকাৰ কৰি জিতেন্দ্ৰ বৰ্মনে কয় যে ‘গা বেয়া হোৱাৰ বাবে বেলেগ গাড়ী লৈ যাবলৈ তেওঁক কৈছিলো।যাৰ বাবে ট্ৰিপটো বাতিল কৰি দিছিলো’।সেয়া মোৰ ভুল আছিল বুলি স্বীকাৰ উবেৰ চালকজনৰ।
প্ৰাক্তন সেনা জোৱান আছিল উবেৰ চালক জীতেন্দ্ৰ বৰ্মন।দেওবাৰে নিশা জেষ্ঠ সাংবাদিক মাইনী মহন্তই উবেৰ চালক জনৰ বিৰুদ্ধে আনিছিল অভিযোগ।
উল্লেখ্য যে কলাক্ষেত্ৰৰ পৰা জ্যেষ্ঠ সাংবাদিক গৰাকীক পিকআপ কৰিছিল উবেৰ চালকজনে। কিন্তু মাইনী মহন্তই গাড়ীৰ AC দিবলৈ কোৱাত ছয়মাইলতে অভব্য আচৰণ কৰি চালকজনে নমাই দিছিল গাড়ীৰ পৰা ।
ঘটনা সন্দৰ্ভত দিছপুৰ থানাৰ কাষ চাপিছিল মাইনী মহন্ত। ঘটনা সন্দৰ্ভত অসম আৰক্ষীক বিষয়টোত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিছিল।
ঘটনাৰ সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ নিৰ্দেশ দিছিল।তাৰ পিছতেই দিছপুৰ আৰক্ষী থানাত উপস্থিত হৈছে উৱেৰ চালকজন।