চুলি কেৱল তেতিয়াহে গুৰিৰ পৰা শক্তিশালী আৰু স্বাস্থ্যকৰ হয় যেতিয়া ইয়াক সঠিকভাৱে যত্ন কৰা হয়। চুলিৰ যত্নৰ ৰুটিনে চুলিৰ স্বাস্থ্যক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰে।
বহুলোকে ৰাতি বিচনালৈ যোৱাৰ পূৰ্বে তেল লগাই শুৱে যাতে তেলখিনিয়ে চুলিত ভালদৰে কাম কৰিব পৰা যায়। একে সময়তে, কিছুমান লোকে দিনটোৰ ভাগৰ নোহোৱা কৰিবলৈও ৰাতি চুলিত তেল লগাই শোৱে।
কিন্তু শুবলৈ যোৱাৰ পূৰ্বে আপোনাৰ চুলিত তেল লগোৱাটো সঁচাকৈয়ে স্বাস্থ্যকৰ হয় নে ? নেই এই কামে ক্ষতি কৰিব পাৰে আপোনাৰ সুন্দৰ চুলি কোচা? জানো আহক
তেলে আপোনাৰ চুলিখিনি কণ্ডিচনিং কৰি উজ্জ্বলতা প্ৰদান কৰে, সেয়েহে চুলিত তেল প্ৰয়োগ কৰিব লাগে। অৱশ্যে, তেল দিয়াৰ বাবেও সঠিক সময় আছে।
কিন্তু যদি আপুনি নিশা শোৱাৰ পূৰ্বে চুলিত তেল লগায়, তেন্তে আজিৰ পৰা এই অভ্যাস সলনি কৰক।শোৱাৰ আগতে চুলিত কেতিয়াও তেল প্ৰয়োগ কৰিব নালাগে।
যদি আপুনি নিশা চুলিত তেল লগালে, ইয়াৰ ফলত ভেঁকুৰৰ সংক্ৰমণ হ’ব পৰাৰ লগতে উফিৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি হ’ব পাৰে।
চুলিত তেল লগোৱাটো এটা গুৰুত্বপূৰ্ণ চুলিৰ যত্নৰ ৰুটিন। কিন্তু তেল সদায় সঠিক সময়ত কৰিব লাগে। চুলিখিনি চেম্পু কৰিবলৈ ওলোৱাৰ এঘণ্টা পূৰ্বে তেল লগাব লাগে ।চুলিত তেলে কাম কৰিবলৈ ৬-৭ ঘন্টা সময় নালাগে । ইয়াৰ বাবে ১ৰ পৰা ২ ঘণ্টাই যথেষ্ট।
সদায়ে চুলিত কুহুমীয়া তেল ব্যৱহাৰ কৰিব, কিয়নো ই দ্ৰুতগতিত কাম কৰে। প্ৰথমে চুলিবোৰ ভালদৰে ফণিয়াই লৈ ইয়াৰ গুৰিবোৰত তেলৰে মালিচ কৰক।
তাৰ পিছত, ভালদৰে ফণিয়াই লওক যাতে তেল প্ৰতিটো গুৰি লৈকে যায়। এনেদৰে, যদি আপুনি আপোনাৰ চুলিত তেল প্ৰয়োগ কৰে, তেন্তে আপুনি চুলিৰ সৈতে সম্পৰ্কিত সমস্যাবোৰৰ বিষয়ে চিন্তা নকৰিব।
(এই বাতৰিটো কেৱল আপোনাক সজাগ কৰাৰ উদ্দেশ্যেৰে লিখা হৈছে । বাতৰিটো পঢ়ি নিশ্চিতভাৱে ইয়াক গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক ।)