অহা ২৪-২৫ নৱেম্বৰত চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হ’ব IPL 2025 Mega Auction। ‘ । ইয়াত দেশ-বিদেশৰ বিখ্যাত খেলুৱৈসকল নিলাম হ’বলৈ গৈ আছে আৰু যদি আমি ১০টা দলৰ আটাইকেইটা দলৰ পাৰ্চ একেলগে চাওঁ তেন্তে তেওঁলোকৰ হাতত ৬৪১.৫ কোটি টকা বাকী আছে । ঋষভ পন্ট, জছ বাটলাৰ আৰু কে এল ৰাহুলৰ দৰে বিখ্যাত খেলুৱৈ এইবাৰ নিলামত প্ৰৱেশ কৰিবলৈ ওলাইছে । কিন্তু জানেনে এই নিলামত কিমানজন খেলুৱৈৰ নিবিদা দিয়া হ’ব আৰু ইয়াৰে কিমানজন বিক্ৰী হ’ব ?
কিমানজন খেলুৱৈৰ ওপৰত নিবিদা দিয়া হ’ব ?
বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১৫৭৪গৰাকী খেলুৱৈয়ে আই পি এল ২০২৫ৰ মেগা নিলামত পঞ্জীয়ন কৰিছিল । ইয়াৰে ৫৭৪ গৰাকী খেলুৱৈক ১০টা দলে চৰ্টলিষ্ট কৰিছে । অৰ্থাৎ ২৪-২৫ নৱেম্বৰত মুঠ ৫৭৪ জন খেলুৱৈৰ নিলাম হ’ব । ইয়াৰে ৩৬৬ গৰাকী ভাৰতীয় খেলুৱৈ আৰু ২০৮ গৰাকী বিদেশী খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে ।
৫৭৪ জন খেলুৱৈৰ সকলো বিক্ৰী হ’বনে ?
নিলামত ৫৭৪ জন খেলুৱৈৰ নাম প্ৰকাশ পাব যদিও ইয়াৰ ভিতৰত মাত্ৰ ২০৪ জন খেলুৱৈহে বিক্ৰী হ’ব । আই পি এল ২০২৫ত মুঠ ১০ টা দলে অংশগ্ৰহণ কৰিব আৰু প্ৰতিটো দলত সৰ্বাধিক ২৫ জন খেলুৱৈ থাকিব পাৰিব । অৰ্থাৎ আই পি এলৰ যিকোনো এটা ছিজনত সৰ্বাধিক খেলুৱৈৰ সংখ্যা ২৫০ হ’ব পাৰে, কিন্তু নিলামৰ পূৰ্বে ১০ টা দলে মুঠ ৪৬ জন খেলুৱৈক ধৰি ৰাখিছে, অৰ্থাৎ ২০৪ জন খেলুৱৈৰ স্লট এতিয়াও খালী হৈ আছে ।
নিলামৰ বাবে ১২০০ কোটি টকাৰ পাৰ্চ-
এইবাৰ বি চি চি আইয়ে আই পি এলৰ দলৰ পাৰ্চ ১২০ কোটিলৈ বৃদ্ধি কৰিছিল, অৰ্থাৎ নিলামত প্ৰতিটো দলে নিজৰ নিজৰ দল প্ৰস্তুত কৰিবলৈ ১২০ কোটি টকা থাকিব । নিলামৰ আগৰে পৰা ১০ টা দলৰ আটাইকেইটা দলে ৪৬ জন খেলুৱৈক ধৰি ৰাখিছে, যাৰ বাবে ৫৮৮.৫ কোটি টকা ব্যয় কৰা হৈছে । বাকী ২০৪টা স্লট পূৰণ কৰিবলৈ ১০টা দলৰ মুঠ ৬৪১.৫ কোটি টকা বাকী আছে ।