ইছৰোৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথে ভাৰতৰ মহাকাশ প্ৰকল্পসমূহৰ ব্যয়-দক্ষতাৰ ওপৰত আলোকপাত কৰি কয় যে ভাৰতে আমেৰিকাৰ তুলনাত নিছাৰ অভিযানত পাঁচগুণ কম খৰচ কৰিছে । নিছাৰ (নাছা-ইছৰো চিন্থেটিক এপাৰচাৰ ৰাডাৰ) হৈছে নাছা আৰু ইছৰোৰ যৌথ অভিযান যিয়ে সমগ্ৰ পৃথিৱীৰ মানচিত্ৰ নিৰ্মাণ কৰিব আৰু জলবায়ু পৰিৱৰ্তন, বৰফৰ তৰপ, সাগৰৰ জলপৃষ্ঠ, ভূগৰ্ভস্থ পানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিব ।
ভাৰতৰ মহাকাশ অভিযান কিয় কম খৰছী ?
ইছৰোৰ প্ৰাক্তন মুৰব্বী এছ সোমনাথে কয় যে ভাৰতত কম খৰচত এই অভিযান প্ৰস্তুত কৰাৰ আঁৰত বহু কাৰণ আছে । য’ত অধিক চিমুলেচন (কম্পিউটাৰ মডেলিং) আৰু কম হাৰ্ডৱেৰ পৰীক্ষণ জড়িত হৈ থাকে, যিয়ে খৰচ হ্ৰাস কৰে । দ্বিতীয়তে, সঁজুলিৰ পুনৰ ব্যৱহাৰ, যাৰ ফলত খৰচ কম হয় । তৃতীয়তে, ভাৰতীয় উদ্যোগৰ অৱদান, যিয়ে উচ্চমানৰ প্ৰযুক্তিক সুলভ কৰি তোলে । অৱশ্যে তেওঁ এই কথাও আঙুলিয়াই দিয়ে যে ৰকেট তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় এলুমিনিয়াম ইউৰোপৰ পৰা আহে, ইলেক্ট্ৰনিক চিপ আমদানি কৰিব লাগে, আৰু তীখা ভাৰতত নিৰ্মাণ হ’লেও বহু প্ৰয়োজনীয় সামগ্ৰী বহিঃৰাষ্ট্ৰৰ পৰা আহে ।
ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধিৰ ওপৰত গুৰুত্ব-
সোমনাথে কয় যে মহাকাশ খণ্ডত ভাৰত আগবাঢ়ি আছে, কিন্তু বিশ্ব মহাকাশ অৰ্থনীতিত ভাৰতৰ অংশীদাৰিত্ব বৰ্তমান মাত্ৰ দুই শতাংশ, যিটো ১০ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে । ইয়াৰ বাবে মহাকাশ খণ্ডত ব্যক্তিগত কোম্পানীসমূহ আগবাঢ়ি আহিব লাগিব ।
তেওঁ কয়, ‘আগতে আমি ভাবিছিলোঁ যে মহাকাশ খণ্ডক কেৱল চৰকাৰৰ নিয়ন্ত্ৰণত ৰাখিব লাগে, কিন্তু এতিয়া এই চিন্তাধাৰা সলনি হৈছে । ব্যক্তিগত কোম্পানীসমূহে ইয়াত বিনিয়োগ কৰিব লাগিব আৰু ব্যৱসায়িক সুযোগসমূহ অন্বেষণ কৰিব লাগিব । তেওঁ লগতে পৰামৰ্শ আগবঢ়ায় যে চৰকাৰে মহাকাশ অন্বেষণ আৰু মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ দৰে প্ৰকল্পত অধিক বিনিয়োগ কৰিব লাগে, যাতে পিছলৈ এই প্ৰযুক্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই দি ব্যৱসায়িকভাৱে সফল কৰিব পৰা যায় ।