দেওবাৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা আই পি এল মেচত অভিষেক ঘটাই আলোড়নৰ সৃষ্টি কৰে মুম্বাই ইণ্ডিয়ানছৰ (এম আই)ৰ এজন অচিনাকি স্পিনাৰে।
মেচখনত মুম্বাই ইণ্ডিয়ানছ ৪ উইকেটত পৰাস্ত হ’লেও ৰিষ্ট স্পিনাৰ ভিগনেশ পুথুৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে এক চমক সৃষ্টি কৰে।
চেন্নাইৰ ইনিংছৰ অষ্টম অভাৰত বলিং কৰিবলৈ আহিছিল ভিগনেশ। সেই অভাৰত তেওঁ চেন্নাইৰ অধিনায়ক ঋতুৰাজ গাইকোৱাড, শিৱম ডুবে আৰু দীপক হুডাৰ উইকেট দখল কৰে ভিগনেশ পুথুৰে।
এই বাওঁহাতৰ ৰিষ্ট স্পিনাৰজনক মুম্বাই ইণ্ডিয়ানছে ৰোহিত শৰ্মাৰ ঠাইত ইমপেক্ট প্লেয়াৰ হিচাপে খেলিছিল। এই মেচখনত ভিগনেশ পুথুৰে ৪ অভাৰত ৩২ ৰানত ৩টা উইকেট দখল কৰে।
২৪ বছৰীয়া ভিগনেশ পুথুৰ কেৰেলাৰ মালাপ্পুৰামৰ বাসিন্দা। বিগনেশ পুথুৰৰ পিতৃ সুনীল কুমাৰ অটো চালক আৰু মাতৃ কে পি বিন্দু এগৰাকী গৃহিণী। বিগনেশ পুথুৰক মুম্বাই ইণ্ডিয়ানে ৩০ লাখ টকাত ক্ৰয় কৰিছিল।
আৰ্থিক অসুবিধাৰ মাজতো ভিগনেশ পুথুৰক এজন সফল ক্ৰিকেটাৰ হিচাপে গঢ়ি তোলাত কোনো ক্ৰুটি কৰা নাছিল পিতৃ-মাতৃয়ে।
এই যুৱ খেলুৱৈগৰাকীয়ে এতিয়াও চিনিয়ৰ পৰ্যায়ত কেৰালাৰ হৈ খেলা নাই যদিও তেওঁ ১৪ বছৰ অনুৰ্ধ আৰু ১৯ বছৰ অনুৰ্ধ পৰ্যায়ত খেলিছে।
বৰ্তমান তেওঁ কেৰালা ক্ৰিকেট লীগত এলেপে ৰিপলছৰ হৈ খেলে। ভিগনেশ পুথুৰ পিটিএম কলেজত সাহিত্য বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছে।
ভিগনেশৰ আই পি এল বা কোনো ডাঙৰ ক্ৰিকেট মেচ খেলাৰ অভিজ্ঞতা নাছিল। সেয়ে মুম্বাইয়ে তেওঁক লৈ খৰখেদা কৰিব বিচৰা নাছিল।দক্ষিণ আফ্ৰিকাৰ টি-২০ লীগৰ সময়ত তেওঁক এম আই কেপ টাউনৰ হৈ নেট বলাৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল।
মুম্বাই শিবিৰত হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্যকুমাৰ যাদৱক বলিং কৰাৰ পিছতে তেওঁক আই পি এল দলত অন্তৰ্ভুক্ত কৰাৰ চিন্তাচৰ্চা আৰম্ভ হয়।
এই ক্ষেত্ৰত জ্যেষ্ঠ ক্ৰিকেটাৰসকলে আগভাগ লয়। দেওবাৰে নিশা চেন্নাইত সেই আস্থাৰে মূল্য দিলে ভিগনেশে। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলা মেচখনৰ পিছত এম এছ ধোনীৰ পৰা ভিগনেশ পুথুৰে লাভ কৰিলে প্ৰশংসা ।