দেওবাৰে পুৱা উত্তৰ মেচিডোনিয়াৰ দক্ষিণ চহৰ কোকানিৰ এটা নাইট ক্লাবত অগ্নিকাণ্ড সংঘটিত হয় । এই দুৰ্ঘটনাত ৫১ জন লোকৰ মৃত্যু হয় । আনহাতে ১০০ৰো অধিক লোক আহত হয় । জানিব পৰা মতে ক্লাবত সংগীত কনচাৰ্টৰ সময়ত আতচবাজীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় ।
মেচিডোনিয়াৰ মন্ত্ৰী পাঞ্চে টছকোভস্কিয়ে কয় যে দেওবাৰে পুৱা নাইট ক্লাব পালছত পপ গ্ৰুপৰ কনচাৰ্টৰ সময়ত এই অগ্নিকাণ্ড সংঘটিত হয় । ক্লাবটোলৈ অহা যুৱক-যুৱতীসকলে আতচবাজী ফুটাইছিল । যাৰ ফলত ক্লাবত জুই লাগে । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত ক্লাবৰ ভিতৰত দেখা গৈছে এক বিশৃংখল পৰিৱেশ ।
অগ্নিকাণ্ডৰ পিছত ক্লাবত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত ক্লাবৰ পৰা জুইৰ শিখা উঠা দেখা গৈছে । জানিব পৰা মতে স্থানীয় সংগীত গোষ্ঠীৰ যুটিটোৱে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছিল । এই সময়তে একাংশ যুৱকে নাচি থকা অৱস্থাত ফটকা ফুটাই । ইয়াৰ বাবেই ছাদত জুই লাগে । ভিডিঅ’টোত মঞ্চৰ পৰা জুইৰ স্ফুলিংগ ওলাই অহা দেখা গৈছে ।
নিৰাপত্তা বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰে । জানিব পৰা মতে, অগ্নিকাণ্ড ইমানেই বিশাল আছিল যে অগ্নিনিৰ্বাপক বাহিনীয়ে কেইবা ঘণ্টা ধৰি কঠোৰ পৰিশ্ৰম কৰিছিল । মেচিডোনিয়াৰ কৰ্তৃপক্ষই এই অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে ।