চৌদি আৰৱৰ আল-জাওফ অঞ্চলত প্ৰথমবাৰৰ বাবে হৈছে তুষাৰপাত। তুষাৰপাতৰ পিছতেই অঞ্চলজুৰি ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টিও হয়। জানিব পৰা মতে যোৱাটো সপ্তাহৰ পৰাই সমগ্ৰ অঞ্চলজুৰি বৰষুণ আৰু শিলাবৃষ্টিয়ে কাল ৰূপ ধাৰণ কৰিছে।
বৃহস্পতিবাৰেও, পাহাৰীয়া অঞ্চলসমূহ বৰফে আৱৰি আছিল, যাৰ ফলত এক অতুলনীয় দৃশ্য দেখিবলৈ পোৱা গৈছিল।প্ৰথমবাৰৰ বাবে চৌদি আৰৱৰ আল-জাওফ অঞ্চলত তুষাৰপাত হোৱাত আচৰিত হৈছে সকলো। ইউ.এ.ই.-ৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে অহা কেইদিনমানৰ ভিতৰত আল-জাওফৰ বেছিভাগ অঞ্চলত বজ্ৰপাতহোৱাৰ সম্ভাৱনা আছে।
বতৰ বিজ্ঞান বিভাগে অধিক ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টি হোৱাৰ ভৱিষ্যতবাণীও কৰিছে।বতৰ বিভাগে বাবে আৰৱ সাগৰৰ পৰা উদ্ভৱ হোৱা আৰু ওমানলৈকে বিস্তৃত হৈ থকা এক নিম্ন চাপ প্ৰণালীৰ বাবে অঞ্চলটোত শেহতীয়াকৈ শিলাবৃষ্টি হৈছে বুলি কৈছে। চৌদি আৰৱৰ বহু অঞ্চলত বতৰ সলনিও হৈছে।
আল-জাওফত হোৱা তুষাৰপাত চৌদি আৰৱৰ ইতিহাসত এক অভূতপূৰ্ব মুহূৰ্ত হিচাপে চিহ্নিত হয়। এই তুষাৰপাতৰ বাবে মৰুভূমিয় অঞ্চলত স্থানীয় লোক আৰু দৰ্শনাৰ্থীসকলে শীতকালীন দৃশ্যপট অনুভৱ কৰাৰ এক অনন্য সুযোগ লাভ কৰিছে।