বৃহস্পতিবাৰে কেব’ল চুৰি হোৱাৰ বাবে ব্লু লাইনত দিল্লী মেট্ৰ’ৰ সেৱা বিলম্বিত হয় । এক্স-ৰ এটা পোষ্টত, ডি এম আৰ চি-য়ে যাত্ৰীসকলক জনাইছিল যে সমস্যাটো আজি ৰাতি কাৰ্যকৰী সময়ৰ পিছতহে সমাধান কৰা হ’ব । কোৱা হৈছে যে প্ৰভাৱিত লাইনত দিনটোত ৰেলবোৰ সীমিত গতিত চলিব, যাৰ বাবে যাত্ৰীসকলে বিলম্বৰ সন্মুখীন হ’ব লগা হ’ব পাৰে ।
Blue Line Update
— Delhi Metro Rail Corporation (@OfficialDMRC) December 5, 2024
The cable theft issue on the Blue Line between Moti Nagar and Kirti Nagar will be rectified only after the end of operational hours in the night.
Since the trains will operate on restricted speed on the affected section during the day, there would be some…
দিল্লী মেট্ৰ’ই জাৰি কৰা এক বিবৃতিত কয় যে, ‘মতী নগৰ আৰু কীৰ্তি নগৰৰ মাজত কেব’ল চুৰিৰ বাবে ব্লু লাইনৰ সেৱাত পলম হৈছে । অসুবিধাৰ বাবে ক্ষমা কৰিব । মতী নগৰ আৰু কীৰ্তি নগৰৰ মাজৰ ব্লু লাইনত কেব’ল চুৰিৰ সমস্যা নিশাৰ কামৰ সময় শেষ হোৱাৰ পিছতহে সমাধান হ’ব । যিহেতু দিনৰ ভাগত ক্ষতিগ্ৰস্ত অংশত সীমিত গতিৰে ৰে’ল চলাচল কৰিব, সেয়েহে সেৱাত কিছু পলম হ’ব । দিল্লী মেট্ৰ’ই যাত্ৰীসকলক জনোৱা মতে, ‘যাত্ৰীসকলক সেই অনুসৰি যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে কাৰণ যাত্ৰাত কিছু অতিৰিক্ত সময় লাগিব ।’