কলিয়াবৰত বনৰজাক খেদি হৈ চৈ একাংশ লোকৰ।পেপা বজাই¸ফটকা ফুটাই বনৰজাক খেদাৰ চেষ্টা একাংশ লোকৰ।কলিয়াবৰ হাতীমূৰাত পুনৰ বন ৰজাৰ আতংক। দিন-দুপৰতে মানুহৰ সমাগমৰ মাজতো বনৰজাই লৈ গৈছে স্থানীয় লোকৰ পশু-ধন। হাতত লাঠি লৈ নদীৰ পাৰে পাৰে জনাঞ্চলৰ পৰা বনাঞ্চল লৈ খেদোৱাৰ চেষ্টা স্থানীয় ৰাইজৰ। পথাৰত এৰাল দিয়া ছাগলী নিধন কৰাত বাঘ খেদিবলৈ চেষ্টা চলাইচে একাংশ ৰাইজে। দুদিন পূৰ্বে অঞ্চলটোত ঢেকীয়াপতীয়া বাঘে নিধন কৰিছে এজনী খিৰতী গাই।ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ বাঘ খেদাৰ চেষ্টা অৱ্যাহত ৰাখিছে যদিও হ’ব পৰা নাই সফল। বনৰজাক লৈ এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে আত্ংক ।