মেষ ৰাশি- শাৰিৰীক ক্ষেত্ৰক মোটামোটি ভালেই। নতুন সা-সম্পত্তি লোৱাৰ পৰিকল্পনা সফল হোৱাৰ দিশত। ইতিবাচক চিন্তাৰে আগবাঢ়িলে সফলতাৰ সম্ভাৱনা আছে।বিবাহৰ যোগ আছে।হাতলৈ ধন আহিব পাৰে। বাটৰ কুকুৰক খাদ্য খোৱাওক।
বৃষ ৰাশি- আজিৰ দিনটো আপোনাৰ আনন্দ-ফুৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব । ব্যৱসায়-বাণিজ্যত শুভফল লাভ কৰিব । আপোনাৰ ৰাজহৰ উৎস বৃদ্ধি পাব, আৰু ইয়াক লৈ হয়তো আপুনি আনন্দ-ফুৰ্তিও কৰিব পাৰে । ধ্যান কৰাৰ কাৰণে আজি আপুনি সাগৰৰ পাৰত বা নদীৰ পাৰত যোৱাৰ কথা ভাবিব পাৰে । ধন সংগ্ৰহ, বন্ধুৰ সৈতে সাক্ষাৎ আৰু শৰীৰ চৰ্চাৰ উদ্যোগ লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল । প্ৰেমত শুভ ৷
মিথুন ৰাশি- আৰ্থিক দিশত কিছু সাৱধানতা অৱলম্বন কৰক । ব্যৱসায়ীৰ বাবে দিনটো শুভ । প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। কামৰ লগতে স্বাস্থ্যৰ যত্নও লওক। পৰীক্ষাৰ্থীৰ বাবে দিনটো শুভ যদিও নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব ।মানসিক শান্তিৰ বাবে পৰিয়ালক সময় দিয়ক । নতুন পৰিকল্পনাৰ যোগ ।
কৰ্কট ৰাশি- সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব, শীতল মনেৰে আগবাঢ়ি যোৱাটোৱেই ভাল হ’ব। আপোনাৰ দিনটো ইতিবাচকতা আৰু উৎসাহেৰে ভৰা হ’ব, গতিকে নিজৰ শক্তি ব্যৱহাৰ কৰি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাব। পুৰণি চখ এটা পুনৰ আৰম্ভ কৰাৰ বাবেও এইটোৱেই সঠিক সময়, যিয়ে আপোনাৰ মনোবল বৃদ্ধিত সহায় কৰিব। বাকী থকা ধন আদায় কৰিব পাৰিব । সময়মতে কামবোৰ সম্পাদন কৰিবলৈ চেষ্টা কৰিব ।
সিংহ ৰাশি- দৈনন্দিন কাম-কাজৰ প্ৰতি মনোযোগ দিব লাগিব। সৃষ্টিশীলতাৰে ভৰা আপোনাৰ মনটোৱে আপোনাক নতুন ধাৰণালৈ লৈ যাব, গতিকে সুযোগ লওক আপোনাৰ প্ৰতিভাসমূহ মুকলি কৰক। মুঠৰ ওপৰত আজি আপোনাৰ আত্মনিৰ্ভৰশীলতা আৰু সম্পৰ্ক উন্নত কৰাৰ দিন। স্বাস্থ্যসন্মত খাদ্যাভ্যানক অগ্ৰাধিকাৰ দিয়ক আৰু কিছু ব্যায়াম কৰক। মানসিক চাপৰ পৰা হাত সাৰিবলৈ ধ্যান বা যোগাসনৰ সহায় লওক।
কন্যা ৰাশি- অভিজ্ঞ ব্যক্তিৰ সহায়ত সমস্যা সমাধান হ’ব। সামাজিক কামত ব্যস্ততা বাঢ়িব। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। খৰচ বাঢ়িব পাৰে । শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব লাগিব। পৰীক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ । বিত্তীয় সম্পৰ্কীয় কাম-কাজত সাৱধান হ’ব । পৰিয়ালত সহযোগিতামূলক মনোভাৱে সুখ, শান্তি আনিব। স্বাস্থ্য যত্ন লওক। কলা সংস্কৃতিত ৰাপ বাঢ়িব।
তুলা ৰাশি- আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ ফলত ভাল ফলাফল আশা কৰিব পাৰে । নিজৰ সৃষ্টিৰাজিক ব্যৱহাৰ কৰক । সঠিক পৰিকল্পনা কৰিব পাৰিব । অৰ্থনৈতিক ক্ষেত্ৰত কিছু মধ্যমীয়া । পৰিকল্পনা কাৰ্যকৰী কৰাত খৰখেদা নকৰিব। কামৰ বোজা বাঢ়িব । পৰিয়ালত সম্প্ৰীতিৰ অভাৱ হ’ব পাৰে। সুস্বাস্থ্যৰ বাবে জিৰণি লোৱাটো জৰুৰী। পৰীক্ষাৰ্থীসকলক ভাগ্যই লগ দিব ।
বৃশ্চিক ৰাশি- সিদ্ধান্ত লওতে বিভ্ৰান্তি সৃষ্টি হ’ব পাৰে । পাৰিলে উপযুক্ত পৰামৰ্শ লোৱাৰ চেষ্টা কৰিব । বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ সৈতে সময় কটাব। ভ্ৰমণৰ যোগ। কোনো কামত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। ব্যৱসায়ত থকা সমস্যা সমাধান হ’ব। পাৰিবাৰিক ক্ষেত্ৰত কিছু ভুল বুজাবুজি থাকিব পাৰে। স্বাস্থ্যৰ প্ৰতি সচেতন হওক । পৰীক্ষাৰ্থীৰ বাবে দিনটো শুভ ।অনলাইন মাধ্যমৰ জৰিয়তেও নতুন সম্ভাৱনা আহিব পাৰে।
ধনু ৰাশি- মনৰ দৃঢ়তাই কোনো কামত সফল কৰি তুলিব। এই ৰাশিৰ জাতক জাতিকাসকলে ধনৰ আদান-প্ৰদানত সাৱধান হ’ব। এই সময়ত লোৱা যিকোনো বিশেষ সিদ্ধান্ত ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব। ব্যক্তিগত কথাবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব। ব্যৱসায়িক সিদ্ধান্ত খৰখেদাকৈ নল’ব । কামৰ অগ্ৰগতিৰ সন্দৰ্ভত বহুত প্ৰতিযোগিতাৰ সন্মুখীন হ’ব । বৈবাহিক সম্পৰ্কত চলি থকা ভুল বুজাবুজিৰ সমাধান হ’ব আৰু সম্পৰ্কত মধুৰতা থাকিব। স্বাস্থ্যৰ সমস্যা থাকিব। মাজে মাজে জিৰণি লোৱাটো প্ৰয়োজন।
মকৰ ৰাশি- বুদ্ধিমানৰূপে বিনিয়োগ কৰাৰ এইটোৱেই উপযুক্ত সময়, খৰখেদা নকৰিব। আপোনাৰ চৌপাশৰ মানুহে সামাজিক জীৱনত আপোনাৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনৰ শলাগ ল’ব। আপুনি এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যিয়ে আপোনাৰ সম্পৰ্কক শক্তিশালী কৰিব। অৰ্থনৈতিক ক্ষেত্ৰতো পৰিস্থিতি অধিক শক্তিশালী হৈ পৰিছে। নতুন বিনিয়োগৰ কথা বিবেচনা কৰাটো লাভজনক হ’ব পাৰে।
কুম্ভ ৰাশি- এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছু প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে । জটিল কাম কৌশল আৰু বুজাবুজিৰে সম্পূৰ্ণ কৰিব পাৰিব। বন্ধুৰ সমৰ্থন পাব। বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰক। যুৱক-যুৱতীসকলক কোনো কামত সফল হ’বলৈ বহু প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব। ব্যৱসায়ে নতুন গতি লাভ কৰিব ।হিচাপ-নিকাচৰ বিষয়ত স্বচ্ছতা বজাই ৰাখক। স্বামী-স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক থাকিব।
মীন ৰাশি- যিকোনো ক্ষেত্ৰতে উপযুক্ত ফলাফল পাব পাৰে। সন্মান বাঢ়িব। খং আৰু ক্ৰোধ নিয়ন্ত্ৰণ কৰক আৰু যিকোনো নেতিবাচক পৰিস্থিতিত ধৈৰ্য্য আৰু সংযম বজাই ৰাখক। অতিমাত্ৰা আত্মবিশ্বাস পৰিহাৰ কৰক। ব্যৱসায়িক কামৰ গতিৰ বাবে অৰ্থনৈতিক পৰিস্থিতিৰ কিছু উন্নতি হ’ব। সাহস নেহেৰুৱাব । পৰিয়ালক সময় দিয়ক । জিৰণিৰ প্ৰয়োজন হ’ব। পৰীক্ষাৰ্থীয়ে সফলতা আশা কৰিব পাৰে ।