বুধবাৰে ২৬ সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰে জ্ঞানেশ কুমাৰে । ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা জ্ঞানেশ কুমাৰক সোমবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয় । মঙলবাৰে ৰাজীৱ কুমাৰে অৱসৰ লোৱাৰ এদিন পিছতে জ্ঞানেশ কুমাৰক নিৰ্বাচন আয়োগৰ মুৰব্বীৰ দায়িত্ব দিয়া হৈছে । সুখবীৰ সিং সান্ধু নিৰ্বাচন আয়ুক্ত, বিবেক যোশীকো সোমবাৰে নিৰ্বাচন আয়ুক্ত পদত নিযুক্তি দিয়া হয় ।
দায়িত্ব লোৱাৰ পাছত নৱনিযুক্ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, ‘ভোটদান হৈছে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰথম পদক্ষেপ । গতিকে ১৮ বছৰ বয়স সম্পূৰ্ণ কৰা ভাৰতৰ প্ৰতিজন নাগৰিক ভোটাৰ হ’ব লাগে আৰু সদায় ভোট দিব লাগে । ভাৰতৰ সংবিধান, নিৰ্বাচনী আইন, নিয়ম-নীতি আৰু তাত জাৰি কৰা নিৰ্দেশনা অনুসৰি ভাৰতৰ নিৰ্বাচন আয়োগ ভোটাৰৰ সৈতে আছিল, আছে আৰু সদায় থাকিব ।‘
সোমবাৰে জ্ঞানেশ কুমাৰক নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হয় । নিৰ্বাচন আয়োগৰ সদস্য নিযুক্তিৰ বাবে নতুন আইনৰ অধীনত নিযুক্তি পোৱা প্ৰথমজন মুখ্য নিৰ্বাচন আয়ুক্ত হৈছে জ্ঞানেশ কুমাৰ । তেওঁৰ কাৰ্যকাল ২০২৯ চনৰ ২৬ জানুৱাৰীলৈকে থাকিব । ইয়াৰ মাত্ৰ কেইদিনমান পিছতে নিৰ্বাচন আয়োগে পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব পাৰে । এই আইন অনুসৰি মুখ্য নিৰ্বাচন আয়ুক্ত বা নিৰ্বাচন আয়ুক্তই ৬৫ বছৰ বয়সত অৱসৰ লয় বা আৰু ছবছৰ আয়োগত থাকিব পাৰে ।
২৬ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত জ্ঞানেশ কুমাৰে চলিত বৰ্ষৰ শেষৰ ফালে বিহাৰ বিধানসভা নিৰ্বাচন আৰু ২০২৬ চনত কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ দায়িত্ব ল’ব । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত থকা সময়ছোৱাত জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ কিছু বিধান বাতিল হোৱাৰ পিছত এই সিদ্ধান্ত কাৰ্যকৰী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু ২০২৪ চনৰ ১৫ মাৰ্চত নিৰ্বাচন আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিছিল । তেওঁ ১৯৮৮ চনৰ কেৰেলাৰ কেডাৰৰ আই এ এছ বিষয়া ।