স্বামীহন্তা প্ৰহেলিকাক লৈ জেৰাইগাঁওবাসীয়ে লৈছে ডাঙৰ সিদ্ধান্ত । গাঁৱত নিষিদ্ধ হল হত্যাকাৰী প্ৰহেলিকা বৰুৱা ।
৯ ছেপ্তেম্বৰৰ নিশা সোমবাৰে নিশা নিচা যুক্ত ঔষধ খোৱাই জনসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাক প্ৰথমে অচেতন কৰিছিল পত্নী প্ৰহেলিকা বৰুৱাই । সেই ঔষধ যোগান ধৰিছিল প্ৰহেলিকাৰ প্ৰেমিক ময়ুন্ত গগৈয়ে।
দীৰ্ঘদিনৰ পৰা প্ৰহেলিকা বৰুৱা আৰু ময়ুন্ত গগৈৰ আছিল প্ৰেমৰ সম্পৰ্ক ।
সেই প্ৰেমৰ বাবেই ৯ ছেপ্তেম্বৰৰ নিশা মাধুৰ্য্য বৰুৱাক নৃশংসবাৱে হত্যা কৰিলে প্ৰহেলিকাই । ঘটনাৰ মাজনিশা প্ৰেমিকক ঘৰৰ দুৱাৰ খুলি দিছিল প্ৰহেলিকাই । তাৰ পিছতেই প্ৰহেলিকা বৰুৱাই এডাল ধুমুচেৰে মৰিয়াই মৰিয়াই হত্য়া কৰিছিল স্বামী মাধুৰ্য বৰুৱাক।
ঘটনাক লৈ অৱশেষত জেৰাইগাঁৱত বহিল ৰাজহুৱা বিচাৰ । সেই বিচাৰত সিদ্ধান্ত কৰা হ’ল যে অমায়িক স্বভাৱৰ মাধুৰ্য্য বৰুৱাক হত্যা কৰা প্ৰহেলিকাই জামিন পালেও জেৰাইগাঁৱত আশ্ৰয় নাপাব । যদি পৰিয়ালৰ লোকে প্ৰহেলিকাক আশ্ৰয় দিছে তেনেহলে বৰ্জন কৰিব সেই পৰিয়ালটোক । সেই সিদ্ধান্ত মানি ল’লে প্ৰহেলিকাৰ পৰিয়ালেও। গাঁৱৰ গৰিমাম্লান কৰা সেই ঘটনাৰ বাবে প্ৰহেলিকাৰ কঠোৰ শাস্তি ৰাইজে বিচাৰিছে ।