আজি ২৪ অক্টোবৰত ওড়িশা আৰু পশ্চিম বংগৰ উপকূলত ডানা ঘূৰ্ণীবতাহে আঘাত হানিব, যাৰ বাবে এই ৰাজ্যসমূহত বিপুল ধ্বংসলীলাৰ সম্ভাৱনা আছে । ধুমুহাৰ ভয়াৱহতাক বিবেচনা কৰি বতৰ বিজ্ঞান বিভাগে দুয়োখন ৰাজ্যৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে । যেতিয়া এই ঘূৰ্ণীয়ে উপকূলত আঘাত কৰিব তেতিয়া ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ১২০ৰ পৰা ১৩০ কিলোমিটাৰৰ ভিতৰত হ’ব পাৰে, যাৰ ফলত প্ৰচণ্ড বতাহ আৰু প্ৰচণ্ড বৰষুণ হ’ব পাৰে । বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাৰ পৰা শুকুৰবাৰে পুৱা ৯ বজালৈ কলকাতা বিমানবন্দৰৰ সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছে ।
ভুৱনেশ্বৰস্থিত বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা ১৬ ঘণ্টাৰ বাবে বিমান সেৱা বন্ধ থাকিব । একেদৰে ঘূৰ্ণীবতাহৰ বাবে ১৫০খনতকৈও অধিক ৰে’ল বাতিল কৰা হৈছে । ইষ্টাৰ্ণ ৰে’লৱেই বৃহস্পতিবাৰে নিশা ৮ বজাৰ পৰা শুকুৰবাৰে পুৱা ১০ বজালৈ নিজৰ ছিলডা সংমণ্ডলত ১৯০খন স্থানীয় ৰে’ল চলাব নোৱাৰিব । ধুমুহাৰ ভয়াৱহতাক বিবেচনা কৰি দুয়োখন ৰাজ্যতে এন ডি আৰ এফৰ বহু দল সষ্টম হৈ আছে, যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোক সাজু হৈছে ।
এই ঘূৰ্ণীবতাহৰ সৈতে মোকাবিলা কৰিবলৈ ওড়িশা চৰকাৰে বৃহৎ পৰিসৰৰ প্ৰস্তুতি চলাইছে । মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে জনোৱা মতে, ৰাজ্যখনৰ উপকূলীয় অঞ্চলৰ পৰা ১০ লাখ লোকক নিৰাপদ স্থানলৈ নিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । বুধবাৰৰ সন্ধিয়ালৈকে ৩ লাখৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ।
আজি নিশা উত্তৰ ওড়িশা আৰু পশ্চিম বংগৰ উপকূলত ধুমুহাই আঘাত কৰাৰ সম্ভাৱনা আছে । এই ধুমুহাই পুৰী আৰু ভিতৰকণিকাৰ সমীপত সৰ্বাধিক প্ৰভাৱ পেলাব পাৰে বুলি অনুমান কৰা হৈছে । ধুমুহাৰ প্ৰভাৱ বিহাৰ আৰু ঝাৰখণ্ডতো দেখা যাব, যাৰ বাবে সেই অঞ্চলসমূহতো সতৰ্কতা বৃদ্ধি কৰা হৈছে ।
বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া মতে, শুকুৰবাৰে পুৱা ভিতৰকণিকা ৰাষ্ট্ৰীয় উদ্যান আৰু ওড়িশাৰ ধমৰা বন্দৰৰ মাজৰ উপকূলত ঘূৰ্ণীবতাহৰ ফলত ঘণ্টাত ১২০ কিলোমিটাৰ বেগেৰে বতাহ অহাৰ সম্ভাৱনা আছে । ঘূৰ্ণীবতাহৰ আগমনৰ লগে লগে অহা ২৪ আৰু ২৫ অক্টোবৰত দক্ষিণ বংগৰ বহু জিলাত ধাৰাসাৰ বৰষুণ হ’ব ।