শনিবাৰে আমেৰিকাৰ ৰাজপথত দেখা গ’ল এক বৃহৎ আন্দোলন । দেশজুৰি হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ ঘনিষ্ঠ ব্যৱসায়ী তথা উদ্যোগপতি ইলন মাস্কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰৰ ব্যাপক কৰ্তন, ৰাজহুৱা সেৱা হ্ৰাস আৰু বিতৰ্কিত সামাজিক নীতিৰ বিৰুদ্ধে জনতাই সাব্যস্ত কৰে এই প্ৰতিবাদ ।
প্ৰকাশিত বাতৰি অনুসৰি ‘হেণ্ডছ অফ!’ এই প্ৰতিবাদৰ অধীনত আমেৰিকাৰ ৫০খন ৰাজ্যতে ‘ৰেলী’ অনুষ্ঠিত হয়, য’ত নাগৰিক অধিকাৰ সংগঠন, শ্ৰমিক সংঘ, এল জি বি টি কিউ+ গোট, প্ৰবীণ সৈনিক আৰু অন্যান্য সংগঠনে অংশগ্ৰহণ কৰে । প্ৰধান প্ৰতিবাদ স্থানসমূহৰ ভিতৰত আছিল ৱাশ্বিংটন ডি চিৰ নেচনেল মল, বিভিন্ন ৰাজ্যৰ ৰাজধানী আৰু নিউয়ৰ্কৰ পৰা লছ এঞ্জেলছলৈকে কেইবাখনো চহৰৰ কেন্দ্ৰ ।
চৰকাৰী সংস্থাসমূহত কৰ্তনৰ অভিযোগ মাস্কৰ বিৰুদ্ধে-
প্ৰতিবাদকাৰীসকলে ট্ৰাম্প প্ৰশাসনে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰে । ৱাশ্বিংটনত ৰাইজক সম্বোধন কৰি কৰ্মী গ্ৰেলন হেগলাৰে কয় যে, “তেওঁলোকে শুই থকা দৈত্যক জগাই তুলিছে, আৰু এয়া মাত্ৰ আৰম্ভণিহে ।”
টেছলা, স্পেচএক্স আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ চি ই অ’ ইলন মাস্ক, যি সদ্যগঠিত ‘গভৰ্ণমেণ্ট ইফিচিয়েন্সি বিভাগৰ মুৰব্বীও আৰু ট্ৰাম্পৰ অতি ঘনিষ্ঠ, চৰকাৰী সংস্থাসমূহত ব্যাপক কৰ্তনৰ প্ৰচাৰৰ অভিযোগ উত্থাপন হৈছে । যদিও মাস্কে দাবী কৰে যে ইয়াৰ ফলত কৰদাতাসকলৰ কোটি কোটি ডলাৰ ৰাহি হৈছে, বহু আমেৰিকান লোকে ইয়াক অত্যাৱশ্যকীয় সেৱাসমূহৰ নিষ্কাশন বুলি ভাবে ।
সামাজিক সুৰক্ষা, ছুটী, পুঁজি কৰ্তন…
সামাজিক সুৰক্ষাৰ কাৰ্যালয় বন্ধ কৰা, চৰকাৰী কৰ্মচাৰীক বৃহৎ পৰিসৰৰ ছুটী দিয়া, স্বাস্থ্য সেৱা আৰু এইচ আই ভিৰ পুঁজি কৰ্তনৰ বাবে প্ৰতিবাদকাৰীয়ে ট্ৰাম্প প্ৰশাসনক লক্ষ্য কৰি লয় ।
এয়া মাত্ৰ আৰম্ভণিহে !
ট্ৰাম্প হোৱাইট হাউছলৈ ঘূৰি অহাৰ পিছত সঘনাই প্ৰতিবাদ সংঘটিত হৈছে যদিও “হেণ্ডছ অফ!” মহিলাৰ মাৰ্চ ২০১৭ আৰু ব্লেক লাইভছ মেটাৰ আন্দোলন ২০২০ৰ পিছত এই প্ৰতিবাদ সৰ্ববৃহৎ গণ আন্দোলন হিচাপে বিবেচিত হৈছে । কিন্তু বহু প্ৰতিবাদকাৰীয়ে সকীয়াই দিছে যে শনিবাৰৰ এই ঢৌ মাত্ৰ আৰম্ভণিহে ।