আমেৰিকাত ইটোৰ পিছত সিটোকৈ বিমান দুৰ্ঘটনাৰ খবৰ আহিছে । ইয়াৰ মাজতে শনিবাৰেৱ এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে এখন বিমান । শনিবাৰে নেৱাৰ্ক বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে ফেডএক্সৰ এখন বিমানে জৰুৰীকালীন অৱতৰণ কৰিবলগা হয় । ইয়াৰ আঁৰৰ কাৰণ বিমানখনত চৰাইৰ খুন্দাত ইঞ্জিনত জুইৰ সূত্ৰপাত হোৱা বুলি কোৱা হৈছে । নিউয়ৰ্ক আৰু নিউ জাৰ্চিৰ বন্দৰ কৰ্তৃপক্ষ আৰু ফেডএক্সৰ তথ্য অনুসৰি চৰাইৰ খুন্দাত বিমানখনৰ সোঁ ইঞ্জিনত হঠাতে জুই লাগে ।
ভাইৰেল হোৱা ভিডিঅ’ত দেখা গ’ল এক ভয়ংকৰ দৃশ্য-
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে যে শনিবাৰে পুৱা ৮ বজাত (স্থানীয় সময় অনুসৰি) সোঁ ইঞ্জিনৰ পৰা জুইৰ শিখা নিৰ্গত হোৱাৰ পিছত বয়িং ৭৬৭-৩এছ২এফ বিমানখনে পুনৰ টৰ্মেকলৈ গৈ আছে । বিমানখন অৱতৰণ কৰাৰ লগে লগে বন্দৰ কৰ্তৃপক্ষৰ দুখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে । পিছত ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে ।
এই ঘটনাত কোনো লোক হতাহত হোৱা নাই-
তথ্য অনুসৰি বিমানখন উৰণৰ মাত্ৰ ৯ মিনিটৰ পিছত পুৱা ৮:০৭ বজাত (স্থানীয় সময়) অৱতৰণ কৰিবলৈ বাধ্য হয় । এই ঘটনাত কোনো লোক হতাহত হোৱা নাই । সতৰ্কতামূলক ব্যৱস্থা হিচাপে কিছু সময়ৰ বাবে বিমান পৰিবহণ বন্ধ কৰি দিয়া হৈছিল । অৱশ্যে দ্ৰুতগতিত পুনৰ অপাৰেচন আৰম্ভ হয় । পুৱা ৯:৩০ বজাত বিমানখন ইণ্ডিয়ানালৈ উৰা মাৰিবলৈ ক্লিয়াৰ কৰা হয় ।
চৰাইৰ সংঘৰ্ষত দুৰ্ঘটনাগ্ৰস্ত-
ফেডএক্সৰ এজন প্ৰতিনিধিয়ে জনোৱা মতে, নেৱাৰ্কৰ পৰা ইণ্ডিয়ানাপলিছলৈ যোৱা ৩৬০৯ নং বিমানখনে উৰণৰ সময়ত চৰাইৰ খুন্দাৰ সন্মুখীন হয় । ক্ৰুৱে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি নিৰাপদে নেৱাৰ্কলৈ উভতি আহে ।