দেওবাৰে (৯ মাৰ্চ) ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ চূড়ান্ত মেচ । এই খিতাপ মেচত ভাৰতীয় দলে নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিব । এই ফাইনেলৰ মাত্ৰ এদিন পূৰ্বে ভাৰতীয় অনুৰাগীৰ বাবে এক দুঃখবৰ খবৰ প্ৰকাশ পাইছে ।
ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আঘাতপ্ৰাপ্ত হৈছে । এই দাবী কৰিছে পাকিস্তানী ৱেবছাইট জিঅ’ নিউজে । ৱেবছাইটটোৱে প্ৰতিবেদনত কয় যে অনুশীলনৰ সময়ত কোহলী আঘাতপ্ৰাপ্ত হয় । বলটোৱে তেওঁৰ আঁঠুৰ ওচৰত খুন্দা মাৰে । ইয়াৰ পিছত ইমানেই কষ্ট হৈছিল যে কোহলীয়ে নিজৰ অনুশীলন বন্ধ কৰিব লগা হয় ।
আঘাতৰ পিছত অনুশীলন বন্ধ কৰি দিলে কোহলীয়ে-
আঘাত পোৱাৰ লগে লগে ভাৰতীয় দলৰ ফিজিঅ’ই কোহলীক চিকিৎসা কৰি স্প্ৰে’ লগাই বেণ্ডেজ লগাই দিয়ে । অৱশ্যে দল পৰিচালনাই নিশ্চিত কৰিছে যে কোনো চিন্তাৰ কাৰণ নাই । ফাইনেল মেচত খেলিবলৈ উপযুক্ত কোহলী ।
যদিও আঘাতৰ পিছত হয়তো কোহলীয়ে অনুশীলন বন্ধ কৰি দিছিল, তথাপিও খেলপথাৰ এৰি যোৱা নাছিল । এই সময়ছোৱাত কোহলীয়ে কেৱল আন খেলুৱৈসকলে অনুশীলন কৰা চাই আছিল । কোহলীৰ বাবে ফাইনেলত দলত থকাটো অতি জৰুৰী, কাৰণ এই মুহূৰ্তত তেওঁ ভাল ফৰ্মত আছে । ইফালে সম্প্ৰচাৰক চেনেলটোৱে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত কোহলীয়ে অনুৰাগীসকলক আহি ফাইনেল চাবলৈ আহ্বান জনাইছে ।
ক্ৰীছ গেইলৰ অভিলেখ ভংগ কৰিব পাৰে কোহলীয়ে-
ইতিমধ্যে কোহলীয়ে ৰান চেজ কৰি ৮ হাজাৰৰো অধিক ৰানৰ সীমা অতিক্ৰম কৰিছে । যদি এই ফাইনেলত তেওঁৰ বেটে কাম কৰে আৰু তেওঁ ৪৬ ৰান কৰে, তেন্তে তেওঁ এক অভিলেখ গঢ়িব পাৰে । ইয়াৰ পিছত তেওঁ এই প্ৰতিযোগিতাত ক্ৰীছ গেইলক অতিক্ৰম কৰিব পাৰে । কোহলীয়ে এইবাৰ চেম্পিয়নছ ট্ৰফীত পাকিস্তান (১০০*) আৰু অষ্ট্ৰেলিয়া (৮৪)ৰ বিৰুদ্ধে ইনিংছ খেলিছে আৰু তেওঁ অতি সুন্দৰ ফৰ্মত আছে ।
চেম্পিয়নছ ট্ৰফীত কোহলীয়ে ১৭খন খেলত ৭৪৬ ৰান সংগ্ৰহ কৰিছে । যিটো ভাৰতীয় যিকোনো বেটছমেনৰ দ্বাৰা সৰ্বাধিক । মুঠতে এতিয়া মাত্ৰ ক্ৰীছ গেইলহে আগবাঢ়ি আছে, যিয়ে ১৭খন মেচত ৭৯১ ৰান সংগ্ৰহ কৰিছে । অৰ্থাৎ ফাইনেলত ৪৬ ৰান সংগ্ৰহ কৰাৰ লগে লগে কোহলীয়ে ক্ৰীছ গেইলৰ অভিলেখ ভংগ কৰিব । এই তালিকাৰ তৃতীয় স্থানত আছে ২২খন মেচত ৭৪২ ৰান সংগ্ৰহ কৰা মহেলা জয়ৱৰ্ধন ।