যোৱা তিনিখন টেষ্ট শৃংখলা ৰোহিত শৰ্মাৰ বাবে দুঃস্বপ্নতকৈ কম নহয় । হিটমেনে অষ্ট্ৰেলিয়া, নিউজীলেণ্ড আৰু বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলিছিল । তিনিখন ছিৰিজৰ কোনো এটাতে তেওঁ মুঠ ১০০ ৰানৰ স্ক’ৰ সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল । কিন্তু আনফালে এদিনীয়া ফৰ্মেটত ৰোহিত শৰ্মাৰ বেট ডাঙৰ ফৰ্মত দেখা গৈছে, যিটো চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় অনুৰাগীৰ বাবে সুখৰ বিষয় ।
টেষ্টত ‘জিৰ’, এদিনীয়াত ‘হিৰো’-
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তিনিখন টেষ্টত ৰোহিত শৰ্মাই মাত্ৰ ৩১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে নিউজীলেণ্ডৰ বিৰুদ্ধে খেলা তিনিখন মেচৰ টেষ্ট শৃংখলাত হিটমেনে ৯১ ৰান সংগ্ৰহ কৰিছিল । ইয়াৰ পূৰ্বে ভাৰতীয় অধিনায়কগৰাকীয়ে বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত মাত্ৰ ৪২ ৰানহে সংগ্ৰহ কৰিছিল ।
আনহাতে, এদিনীয়াত ৰোহিত শৰ্মাৰ শেষৰ ২০ টা ইনিংছলৈ চালে এক বৃহৎ পাৰ্থক্য দেখা পাব । যোৱা ২০টা এদিনীয়া ইনিংছত হিটমেনে ৫৪.১৫ৰ আকৰ্ষণীয় গড় আৰু ১২৫.১৮ ষ্ট্ৰাইক ৰেটত ১০২৯ ৰান সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁ ১০ বাৰ ৫০ প্লাছ স্ক’ৰ কৰে । ৰোহিতে শেষবাৰৰ বাবে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিছিল, য’ত তেওঁ তিনিখন মেচত ৫৮, ৬৪ আৰু ৩৫ ৰান সংগ্ৰহ কৰিছিল ।
২০২৩ চনৰ এদিনীয়া বিশ্বকাপত প্ৰদৰ্শন কৰিছিল শক্তি-
উল্লেখ্য যে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত ৰোহিত শৰ্মা আছিল দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী । ১১খন খেলৰ ১১ টা ইনিংছত ৫৪.২৭ গড়ে ৫৯৭ ৰান সংগ্ৰহ কৰিছিল তেওঁ । এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ১ টা শতক আৰু ৩টা অৰ্ধশতক আহিছিল ।
চেম্পিয়নছ ট্ৰফীত ভাৰতৰ লাভ-
ৰোহিত শৰ্মাৰ এদিনীয়া ফৰ্মে চেম্পিয়নছ ট্ৰফীত টিম ইণ্ডিয়াক লাভৱান কৰিব বুলি প্ৰায় স্পষ্ট । ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫ । এই প্ৰতিযোগিতাখন পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’ব যদিও টিম ইণ্ডিয়াই সকলো খেল ডুবাইত খেলিব । অহা ৯ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ ফাইনেল ।