ৰাজ্য কপোঁৱা ট্ৰেডিং কেলেংকাৰীক লৈ ক্ষীপ্ৰ গতিত চলিছে তদন্ত । চি বি আইৰ এটা ৭ জনীয়া দলে আজি সোধা-পোচা কৰিব চুমী তাৰ্কিক আৰু বিশাল ফুকন। সেয়ে ডিব্ৰুগড় কাৰাগাৰৰ পৰা উলিয়াই ৮ জনীয়া দলটোক লৈ অনা হৈছে গুৱাহাটীলৈ।

এখন ট্ৰেভেলাৰেৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা উলিয়াই অনা হৈছে চুমি , বিশাল তাৰ্কিক, অম্লান বৰা, ৰঞ্জিৎ কাকতি, অভিজিৎ ছন্দ, শোভন জ্যোতি কুৰ্মী আৰু চন্দন নাথক।

এতিয়াৰে পৰা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিব তেওঁলোক।আজি গুৱাহাটীৰ CBI কার্যালয়ত জেৰা চলাব তেওঁলোকক। শেহতীয়াকৈ ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ চি বি আয়ে হাতত লোৱাৰ পাছত সকলো তথ্য পৰীক্ষা নিৰীক্ষা কৰি নতুনকৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

১১ হাজাৰ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীক লৈ CBI-এ আৰম্ভ কৰিছে ৪১টা গোচৰৰ তদন্ত।জানিব পৰা মতে ৩০ অক্টোবৰত গুৱাহাটীৰ চি বি আইৰ বিশেষ আদালতত হাজিৰ হ’ব লাগিব তেওঁলোক।