চুদানত এবছৰৰো অধিক সময় ধৰি চুদানৰ সশস্ত্ৰ বাহিনী (এছএএফ) আৰু অৰ্ধসামৰিক ৰৈপিড সমৰ্থন বাহিনীৰ (আৰএছএফ) মাজত বিধ্বংসী সংঘৰ্ষ দেখা গৈছে।দুয়োটা দলৰ মাজত চলি থকা ভয়ংকৰ সংঘৰ্ষত ২৫,০০০ তকৈও অধিক নাগৰিক নিহত হৈছে।
ইফালে, এছএএফে দাবী কৰে যে পশ্চিম চুদানৰ উত্তৰ দাৰ্ফুৰ ৰাজ্যৰ ৰাজধানী আল ফাছেৰত হোৱা প্ৰচণ্ড যুঁজত অৰ্ধসামৰিক ৰৈপিড সমৰ্থন বাহিনীৰ (আৰএছএফ)১৫০ জন যুঁজাৰু নিহত হৈছে।
আল ফাছাৰত এছএএফৰ ৬ষ্ঠ পদাতিক বিভাগৰ কমাণ্ডোৰ এক বিবৃতিত কৈছে যে, “আমাৰ বাহিনী এল ফাছাৰৰ দক্ষিণ-পূবত নিৰন্তৰ যুঁজত নিয়োজিত হৈ আছে।
এতিয়ালৈকে, কেইবাটাও মিলিছিয়া ঘাটি দখল কৰা হৈছে, এই যুঁজত শত্ৰুৰ হতাহতৰ সংখ্যা ১৫০ তকৈও অধিক।ইয়াত এছএএফ গোটে গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে”।পিছে আৰএছএফে এতিয়ালৈকে এছএএফৰ দাবীৰ ওপৰত কোনো মন্তব্য কৰা নাই।
দৰাচলতে ২০২৩ চনৰ এপ্ৰিলৰ পৰাই চুদানত এছএএফ আৰু আৰএছএফৰ মাজত সংঘৰ্ষ চলি আছে। আন্তৰ্জাতিক সংগঠনসমূহৰ অনুমান অনুসৰি এই সংঘৰ্ষত ২৪,৮৫০ জনৰো অধিক লোক নিহত হৈছে আৰু ১৪ নিযুতৰো অধিক লোক স্থানচ্যুত হৈছে।
শেহতীয়াকৈ, ৰাষ্ট্ৰসংঘৰ মানৱতাবাদী কৰ্মীসকলে সতৰ্ক কৰি দিছে যে চুদানত বৰ্ধিত হিংসাৰ ফলত হাজাৰ হাজাৰ লোক বিপদাশংকাত আছে। এই হিংসাই মানৱীয় সংকটক অধিক বৃদ্ধি কৰিছে।