ভাৰতীয় মহিলা হকী দলটোৱে শক্তিশালী প্ৰদৰ্শনেৰে মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে । এই খিতাপ মেচখন বুধবাৰে (২০ নৱেম্বৰ) বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হৈছিল, য’ত ভাৰতীয় দলটোৱে চীনৰ বিৰুদ্ধে খেলিছিল ।
এই খেলখনত ভাৰতীয় দলটোৱে শক্তিশালী প্ৰদৰ্শনেৰে চীনক ১-০ গলত পৰাস্ত কৰে । ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে তৃতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিবলৈ সক্ষম হয় । ৩১ মিনিটত দলৰ হৈ একমাত্ৰ গ’লটো দিয়ে দীপিকাই । এই প্ৰতিযোগিতাত এয়া তেওঁৰ ১১ সংখ্যক গল আছিল । ইয়াৰ বাহিৰেও চীনে কেইবাটাও গল দিবলৈ চেষ্টা কৰিছিল যদিও ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শনৰ বাবে তেওঁলোকৰ উদ্দেশ্য পূৰণ হোৱা নাছিল ।
এইবাৰ টুৰ্ণামেণ্টত কোনো মেচত পৰাস্ত হোৱা নাছিল ভাৰত-
ইয়াৰ পূৰ্বৱৰ্তী খিতাপো ভাৰতীয় দলটোৱে লাভ কৰে । এনে পৰিস্থিতিত দলটোৱে একেৰাহে দ্বিতীয়টো খিতাপ লাভ কৰিছে । এইবাৰ প্ৰতিযোগিতাখনত অপৰাজিত হৈ আছে আয়োজক ভাৰতীয় দল । এইটোৱেই একমাত্ৰ দল যিটো এতিয়ালৈকে পৰাস্ত হোৱা নাই । আনকি গ্ৰুপ পৰ্যায়তো ভাৰতে সকলো খেলতে জয়লাভ কৰিছে ।
ভাৰতীয় দলটোৱে মঙলবাৰে ছেমি ফাইনেলত জাপানক ২-০ গ’লত পৰাস্ত কৰিছিল । আনহাতে, চীনৰ এই প্ৰতিযোগিতাত ভাল অভিলেখ আছে । গ্ৰুপ পৰ্যায়ত কেৱল ভাৰতীয় দলৰ পৰা পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় দলটো । ৫খন পুল খেলৰ ভিতৰত ৪খনত জয়লাভ কৰে চীনে । ছেমি ফাইনেলত মালয়েছিয়াক ৩-১ গ’লত পৰাস্ত কৰিছিল চীনে ।